Home ৰাজ্যবটদ্ৰৱাত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বটদ্ৰৱাত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

by News Desk
94 views
A+A-
Reset

ধিং পূজাবাৰীৰ পৰা জয়ন্ত মুদৈ, নগাঁওঃ ‘বিজেপি চৰকাৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। কেন্দ্ৰত পাঁচ বছৰ, ৰাজ্যত দুবছৰ দহমাহ বিজেপি চৰকাৰৰ এই সময়ছোৱাত আজিকোপতি ক’তো জাতিগত সংঘৰ্ষ হোৱা নাই। সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰতি গঢ়ি তোলাই বিজেপি দলৰ আদৰ্শ। ধিং সমষ্টিত শতকৰা ৯৮ শতাংশ সংখ্যালঘূ ভোটাৰ তথা বিধায়ক জনো বেলেগ দলৰ ৷ তথাপিও উন্নয়নৰ স্বাৰ্থত আমাৰ চৰকাৰে সমঅধিকাৰ প্ৰদান কৰিছে ৰাইজৰ স্বাৰ্থত।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

আজি কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধিং পূজাবাৰীত অনুষ্ঠিত এখন বিশাল সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে- ‘কংগ্ৰেছে আভুৱা ভৰা প্ৰতিশ্ৰুতি আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ বিগত ৫৫ বছৰে ৰাইজক ঠগি আহিছে। আচলতে ভাই-ককাইৰ মাজত বিবাদ লগাই  নিজৰ স্বাৰ্থ সিদ্ধি কৰাই হৈছে কংগ্ৰেছ দলৰ আদৰ্শ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0