121
সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ কাঠনি গাঁৱত ইংৰাজী নৱবৰ্ষৰ প্ৰথম নিশাই প্ৰায় ১০ বজাত সুৰামত্ত অৱস্থাত দুই ব্যক্তিৰ মাৰপিটৰ ফলত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈ পাছত মৃত্যুবৰণ কৰিব লগা হয়।
ঘটনাৰ বিনৰণী মতে, কাঠনি গাঁৱৰ দুই ব্যক্তি ক্ৰমে পিটেল তেলহান (৫০) আৰু কাৰ্লোচ তেলহান (২৭) নামৰ ব্যক্তি দুজনে ৰাতি প্ৰায় ১০ বজাত সুৰাপান কৰি কাজিয়াত লিপ্ত হয়।