অঞ্জন শইকীয়া, ছতিয়াঃ যোৱা ২২ এপ্রিৰপৰা ২৪ এপ্ৰিল তাৰিখলৈকে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বিশ্বনাথ মহাবিদ্যালয়ে সৰ্বাধিক ২০ টা পুৰস্কাৰৰ খিতাপেৰে শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ খিতাপ লাভ কৰে।
মহাবিদ্যালয়খনে ৬টা সোণৰ পদক, ৮টা ৰূপৰ পদক আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰি মহাবিদ্যালয়খনৰ লগতে বিশ্বনাথ জিলালৈ গৌৰৱ কহিয়াই আনিছে। দলীয় শাখাত ৫ টা আৰু একক শাখাত ১৪ টা লগতে দ্বিতীয় শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ আলোচনীৰ খিতাপ লাভ কৰে।