নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিজ হাতীচোং যুৱ মঞ্চৰ ব্যৱস্থাপনাত অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ তথা নৱ-প্ৰজন্মৰক এইবোৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মহান উদ্দেশ্য আগত ৰাখি এটি গুৰুজনাৰ অংকীয়া নাট্য ভাওনা আৰু সত্ৰীয়া নৃত্য-গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷
১০-২৩ জুলাইলৈ এই কৰ্মশালাটি স্থানীয় কলবাৰীৰ নিজ হাতীচোং মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বহুকেইগৰাকী সুদক্ষ আৰু অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া উক্ত কৰ্মশালাত ৬ বছৰ উৰ্ধ্বৰ বয়সৰ সকলো স্তৰৰ লোকেই অংশগ্ৰহণ কৰিব পাৰিব৷