ঢেকীয়াজুলিঃ নেৰানেপেৰা বৰষুনৰ ফলত ফেনে-ফোটুকাৰে বাঢ়ি অহা নদীৰ পানীয়ে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢেকীয়াজুলিতো ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ গাভৰু আৰু বেলশিৰি নৈয়ে ঢেকীয়াজুলি বিধানসভা সমষ্টি আৰু বৰছলা সমষ্টিত নৈ কাষৰীয়া অঞ্চল সমূহ প্লাবিত কৰাৰ ফলত জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন হৈছে৷
বিলশিৰিৰ বাঢ়নি পানীয়ে বিশাল কৃষি পথাৰ বুৰাই পেলোৱাৰ লগতে ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুডুবা, কমাৰচুবুৰী, নলিনীডুবা, খাগৰীজান, আদি অঞ্চলত ৰাষ্টা-ঘাট দুৰ্গম কৰি পেলোৱাৰ লগতে একাংশ পৰিয়ালৰ ঘৰ-বাৰী বুৰাই পেলাইছে৷