নলবাৰী বৰক্ষেত্ৰীত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Home ৰাজ্যনলবাৰী বৰক্ষেত্ৰীত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নলবাৰী বৰক্ষেত্ৰীত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

by News Desk
118 views
A+A-
Reset

newsnextone.com।নলবাৰী: স্কুলত শিক্ষা গ্ৰহন কৰিবলৈ নিজৰ লৰা ছোৱালীৰ স্কুলত পঠাব ভয় কৰা হৈছে অভিভাৱক সকলে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদাবাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়খনৰে প্ৰধান শিক্ষকজনে নিৰ্যাতন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আদাবাৰী আক্কছা দ্বীনি জাতীয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক জাকিৰ হুছেইনে একেখন বিদ্যালয়ৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বলাৎকাৰ কৰাৰ ঘটনা বুধবাৰে পোহৰলৈ আহিছিল l বিগত কেইবাদিন ধৰি ছাত্ৰী গৰাকীক গলত চুৰি লগায় ভয়ৰ ভাবুকি দি বিদ্যালয় ছুটীৰ পিছত বিদ্যালয়ৰ ভিতৰতে বেয়া কাৰ্যত লিপ্ত কৰিছিল লম্পত শিক্ষকজনে l পিছত ছাত্ৰী গৰাকী স্কুলত যাব ইচ্ছা নকৰাত গোটেই ঘটনাটো পোহৰলৈ আহে । পিছত ১০ বছৰীয়া কণমানি ছাত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক সকলো কথা কয় l লগে লগে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে লম্পট শিক্ষকজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । লম্পট প্ৰধান শিক্ষক জাকিৰ হুছেইন সম্প্ৰতি পলাতক অৱস্থাত আছে । উল্লেখযোগ্য যে লম্পট শিক্ষক জাকিৰ হুছেইনক প্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনায় স্থানীয় ৰাইজে l একাংশ স্থানীয় ৰাইজে স্কুল খনত গৈ এক হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে, ফলত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পিছত আৰক্ষী উপস্থিত হোৱাত ঘটনা কিছু সাম কাটে ৷ স্থানীয় ৰাইজৰ অভিযোগ লৰা ছোৱালীক স্কুলত শিক্ষা গ্ৰহণৰ বাবে পঠায় কিন্তু কিছু লম্পট শিক্ষকৰ কামনাৰ বলি হ’ব লগা হয় কিয়? প্ৰশ্ন হয় অভিভাৱক সকলে কাক ক’ত বিশ্বাস কৰি স্কুলত পঠিয়াব লৰা ছোৱলী ? সম্প্ৰতি এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0