দলংঘাটঃ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত জৈৱিক গৱেষণাগাৰত ‘ব্লিছ’ (BLISS)ৰ উদ্যোগত ১৬ মে’ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এখন মনোগ্ৰাহী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ যোগেন চন্দ্ৰ কলিতাই দৃশ্য-শ্ৰাব্য মাধ্যমৰ সহযোগত ‘প্ৰত্যাহ্বানমূলক ভৱিষ্যতৰ বাবে আমি কেনেদৰে সাজু হম’ শীৰ্ষক বিষয়ত ভাষণ আগবঢ়ায়।
জনপ্রিয় বক্তৃতা অনুষ্ঠানখন সঞ্চালনা কৰে বিদ্যালয়খনৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথ দেবে।বক্তৃতা অনুষ্ঠানটোত অতিথি হিচাবে উপস্থিত থাকে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ভূপেন চন্দ্ৰ নাথ আৰু আঁচনি বিষয়া বনমালী শৰ্মা।আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰাহুল শৰ্মা দেৱেও চমু ভাষণ আগবঢ়ায়।