হোজাইঃ এনআইটিয়ান চেম মজুমদাৰৰ উপন্যাস আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ দিল্লীৰ জামিয়া হামদৰ্ড বিশ্ববিদ্যালয়( Jamia Hamdrad University)ত পদ্মশ্ৰী বিজ্ঞানী অধ্যাপক চৈয়দ ইত্তেচাম হাচিনাইনে (Syed Ehtesham Hasinain ) উন্মোচন কৰা উপন্যাস খনে বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত সমাদৰ লাভ কৰিছে৷
উপন্যাস খনৰ নাম ননচেচ গালফ্ৰেণ্ড৷ নামেই যাৰ পৰিচয়৷ নামত আকৰ্ষিত হৈ যুৱ প্ৰজন্মৰ বহু লোকে সংগ্ৰহ কৰিছে উপন্যাস খন৷ আপুনিও এই উপন্যাস খন পঢ়িব বিচাৰে যদি ফ্লিপকাৰ্ড আৰু এমাজ’নৰ পৰা ক্ৰয় কৰিব পাৰে ৷