বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এই সময়ছোৱাত চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বিৰাজ কৰিছে একেই পৰিৱেশ। 

মাৰাত্মক ক'ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাতো বোকাজান মহকুমা প্ৰশাসন, বোকাজান পৌৰসভা, অগ্নিনিৰ্পাবক বাহিনীৰ বিষয়া-কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে দিন-ৰাতি একাকাৰ কৰি বিভিন্ন ধৰণৰ সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। জিলাখনৰ বোকাজান নগৰত বিগত পাঁচদিন ধৰি বোকাজান মহকুমা প্ৰশাসন, বোকাজান পৌৰসভা আৰু অগ্নিনিৰ্পাবক বাহিনীয়ে নগৰখনৰ বিভিন্ন ঠাইত প্ৰৰ্যায়ক্ৰমে ছেনিটাইজকৰণ কৰি থকা দেখা গৈছে। 

সেই অনুযায়ী বোকাজান অগ্নিনিৰ্পাবক বাহিনীয়ে প্ৰথমে বোকাজান চিকিৎসালয়, আৰক্ষী থানা, বেংক, মহকুমাধিপতিৰ কাৰ্যালয় আদি বিভিন্ন স্থান চেনিটাইজ কৰে। ইয়াৰোপৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা বোকাজান পৰিষদীয় সমষ্টিৰ সদস্য মাধ্যুৰ্য ঢেকীয়াল ফুকন আৰু বোকাজান পৌৰসভাৰ পৌৰপতি বিনোদ কুমাৰ শ্বাসৰ উদ্যোগত বোকাজান পৌৰসভাৰ কৰ্মচাৰীসকলে কঠোৰ পৰিশ্ৰমৰে নগৰখনৰ প্ৰতিটো ৱাৰ্ড তথা বাট-পথ চেনিটাইজ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। 

পৌৰসভাৰ কৰ্মচাৰীসকলে বিগত পাঁচদিন ধৰি গাড়ীত ব্লিছিং পাউদাৰৰ লগত বিভিন্নধৰণৰ ৰাসায়নিক পদাৰ্থ পানীত মিহলাই নগৰখনৰ প্ৰতিটো ৱাৰ্ডৰ বাট-পথত ছটিয়াই থকা পৰিলক্ষিত হৈছে। যিসয়ত সমগ্ৰ দেশৰ জনসাধাৰণে নিজকে গৃহবন্দী কৰি লৈছে সেই সময়ত বোকাজান মহকুমা প্ৰশাসন, পৌৰসভা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলৰ উপৰি অন্য অত্যাৱশ্যকীয় সেৱাত নিয়োজিত ব্যক্তিসকলে সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে। 

উল্লেখ্য যে দেশত ক'ভিড-১৯ মহামাৰীৰ বাঢ়ি অহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বোকাজান পৌৰসভাই প্ৰথম পৰ্যায়ত সম্পূৰ্ণ নগৰখন চেনিটাইজ কৰা ব্যৱস্থা কৰাৰ লগতে দ্বিতীয় পৰ্যায়ত জনসাধাৰণৰ মাজত মাস্ক আৰু অন্য জৰুৰী সামগ্ৰী বিতৰণ কৰিব বুলি জানিব পৰা গৈছে। ইপিনে মহকুমাটোৰ বিভিন্ন ইটাভাটা, কল-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠানত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা দৰিদ্ৰ লোকসকল যাতে খাদ্যৰ অভাৱত ভূগিব লগা নহয় সেই কথা চিন্তা কৰি বোকাজান মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা পৰিয়ালৰ সদস্য অনুযায়ী চাউল বিতৰণ কৰাও পৰিলক্ষিত হৈছে।

আনহাতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকনে সকলো ৰাইজকে লকডাউনৰ সময়ত নিজ নিজ ঘৰত সোমাই থাকিবলৈ কোৱাৰ লগতে কেৱল অত্যন্ত জৰুৰী কামত সামাজিক দূৰত্ব বৰ্তাই হে ঘৰৰ বাহিৰলৈ আহিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। উল্লেখ্য যে ২১ দিনীয়া লকডাউনৰ এই সময়ছোৱাত বিভিন্ন বিভাগে মহকুমাটোৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা এই সতৰ্কতামূলক পদক্ষেপসমূহৰ সকলোৱে শলাগ লয়।