মুম্বাইঃ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাসকলৰ সহায়ৰ বাবে বিভিন্নজনে চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। নামী-দামী কোম্পানী, ষ্টাৰ, ব্যৱসায়ী সকলো। এইসকল নামী-দামী লোকে পি এম কেয়াৰ ফাণ্ডলৈ আগবঢ়াইছে কোটিৰ ঘৰত সাহায্য। কোটি টকা আগবঢ়োৱা এইসকলৰ মাজতে এইবাৰ নাম সন্নিবিষ্ট হ’ল এজন ইউটিউবাৰৰ।
প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কোটি টকাৰ অনুদান আগবঢ়োৱা এইগৰাকী ইউটিউবাৰ হৈছে ভূষণ কুমাৰ। বিশ্বৰ ভিতৰতে সৰ্বাধিক ভিউৱাৰ্ছ থকা ইউটিউব চেনেলৰ অধিকাৰী ভূষণ। চেনেলটো আপোনালোকৰো নিশ্চয় চিনাকি। নাম হৈছে ‘টি ছিৰিজ’। এই টি ছিৰিজৰেই প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক আছে ভূষণ। সংকটৰ সময়ত এতিয়া তেওঁ চৰকাৰলৈ আগবঢ়াইছে ১১ কোটি টকাৰ অনুদান।