নগাঁওঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলতো ৷ জিলাখনৰ বেবেজীয়া, জাজৰি, হাতীচোং, জামুগুৰি, চকলাঘাট, ৰাইদঙীয়া, কাছমাৰী, ঘাঁহী, ডিমৌ, দক্ষিণপাট, পেটবহা, দলংঘাট আদি গ্ৰামাঞ্চলত বিগত দিনকেইটাত বিশেষ প্ৰয়োজন নহ’লে ৰাইজ ঘৰৰ বাহিৰলৈ নাহি একপ্ৰকাৰে গৃহবন্দীত্ব যাপন কৰাত কেউফালে মৰিশালিৰ নিস্তব্ধতাই আৱৰি ধৰিছে ৷

এনেদৰে কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবেই ৰাইজ ঘৰৰ ভিতৰে সোমাই থকাত বৰ্তমান গঞাৰাইজৰ  মাজত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। ঘাইকৈ খাদ্য সামগ্ৰীৰ নাটনিয়ে অধিকাংশ লোককে চৰম বিপাঙত পেলাইছে। কিয়নো এই লকডাউনৰ সময়ছোৱাত ৰাইজৰ সুবিধাৰ্থে চৰকাৰে খাদ্য সামগ্ৰীৰ নাটনি যাতে নহয় তাৰ নিমিত্তে গেলামালৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও শাক-পাচলিৰ ক্ষেত্ৰত তেনে অনুমতি প্ৰদান নকৰাত এতিয়া শাক-পাচলিৰ অভাৱত গঞা ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে।

ঢেকীয়া, কচু, মানিমুনি বিচাৰি পথাৰ চলাথ

উপায়হীন হৈ শাক-পাচলি অবিহনে বহুতেই খালি দাইল-ভাতকে খাই ক্ষুধা নিবাৰণ কৰাৰ বিপৰীতে আন বহুতে আকৌ সততে এলাগী হৈ থকা পথাৰৰ কচু, সুতুৰা, মানিমুনি, ঢেকীয়া, কলমৌ, দোৰোণ আদি শাক বিচাৰি হাবাথুৰি খাইছে। ফলত এইকেইদিন পথাৰ বা বাৰীৰ চুকে-কোনে বহু গঞাই এইবোৰ বিচাৰি তহল দি ফুৰাৰ দৃশ্য সুলভ হৈ পৰিছে। কাজেই, লক্ ডাউনৰ পহিলা ছোৱাতেই পেটৰ ভাত মুঠিৰ বাবে এনে সমস্যাৰ উদ্ভৱ হোৱাত পৰবৰ্তী দিনবোৰ কিদৰে পাৰ কৰিব তাৰ চিন্তাই গঞাৰাইজক চৰম বিমোৰত পেলাইছে।

ইফালে, যোৱা দিনকেইটাত গাঁৱৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল উপাৰ্জনৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাত নিজৰ সংসাৰ চলাই নিয়াৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰিছে। তথাপিও মহামাৰী ৰূপ ধাৰণ কৰা এই ঘাটকৰূপী কৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে এইসকল নগঞা ৰাইজে চৰকাৰৰ নিৰ্দেশ পালন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত লকডাউনৰ পৰৱৰ্তী দিনকেইটা গঞাৰাইজে যাতে নিশ্চিতভাৱে পাৰ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে।