সৰভোগঃ ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ বৰপেটা জিলা সমিতিৰ অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে সৰভোগত অনুষ্ঠিত হয়৷ আজি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয়৷
ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰাত অংশ লৈ ২৫ লাখ নিবনুবাক সংস্থাপন দিয়ক, ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ কৰা, জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে অসমীয়া মাধ্যম ধংস কৰা ষড়যন্ত্ৰ বন্ধ কৰা, প্ৰত্যক শিক্ষানুষ্ঠানতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়া, শিক্ষক অপমান কৰা শিক্ষা মন্ত্ৰী হুচিয়াৰ আদি শ্ল’গানেৰ সৰভোগ নগৰৰ ৰাজপথ কপাই তোলে৷ শোভযাত্ৰাই সৰভোগ নগৰ পৰিভ্ৰমণ কৰে।