ডিব্ৰুগড়/গুৱাহাটীঃ ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচে এগৰাকী সাংবাদিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকত চন্দন পত্ৰিকাৰ এজন সাংবাদিক সুদ্বীপ দত্ত ভৌমিক(৫০)ক ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচৰ নন্দু ৰিয়াং নামৰ জোৱান এজনে নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰে। হত্যাকাৰী জোৱান নন্দু ৰিয়াঙক পিচত গ্ৰেপ্তাৰ কৰা হয়।
ঘটনাতো আগৰতলাৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ দুৰৰ আৰ কে নগৰত থকা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচৰ ২য় বেটেলিয়ানৰ হেডকোৱাৰ্টাৰত সংঘটিত হয়।মৃত সাংবাদিক গৰাকীয়া তালৈ বাতৰি সংক্ৰান্তীয় তথ্য সংগ্ৰহ কৰিবলৈ যাওতে নন্দু ৰিয়াঙ নামৰ জোৱানজনৰ লগত কথাত কটাকটি হয় আৰু ঘটনাতো তৰ্কযুদ্ধত পৰিনত হয়।পৰিস্থিতি অধিক উত্তপ্ত হোৱাত নন্দু ৰিয়াং নামৰ জোৱানজনে হিতাহিত জ্ঞান হেৰুৱাই সাংবাদিক গৰাকীলৈ লক্ষ্য কৰি গুলী চালনা কৰে আৰু ঘটনাস্থলীতেই সাংবাদিক সুদ্বীপ দত্ত ভৌমিকৰ মৃত্যু হয়।