গোৰেশ্বৰঃ এনআৰচিক লৈ সৃষ্টি হোৱা বাকযুদ্ধ আৰু বুদ্ধিজীৱীৰ বিতৰ্কৰ মাজতে মঙলবাৰে বুদ্ধিজীৱি তথা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী বিৰুদ্ধে গোচৰ তৰিলে কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ এগৰাকী বিষয়-ববীয়াই। বাক্সা জিলাৰ গোৰেশ্বৰ থানাত কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ সহঃ সম্পাদক প্ৰমোদ কলিতাই ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰখনত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তীয়ে দেশৰ নাগৰিকক গুলিয়াই মাৰিবলৈ ৰাজহুৱা ভাৱে প্ৰৰোচিত কৰাৰ সন্দৰ্ভত কমল কুমাৰ মেধিয়ে তেওঁৰ ওপৰত গোচৰ তৰিবলৈ যোৱা বাবে ১৯ নবেম্বৰত চক্ৰৱৰ্ত্তীয়ে মেধিক তুচ্চ বাক্য কৰাৰ লগতে এজন বিকৃত মস্তিষ্কৰ লোক বুলি কয়। লগতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তীয়ে কমল কুমাৰ মেধিক কলিতা জনগোষ্ঠীৰ নীচ জাতিৰ লোক বুলি কয়।