লালুকঃ লখিমপুৰ জিলা প্ৰশাসনে মঙলবাৰে বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুক বিহপুৰীয়াত ঘাইপথৰ দাতিত অবৈধ ভাবে সজোৱা বাসস্থান উচ্ছেদ কৰে৷ চৰকাৰী ভূমিত একাংশ লোকে অবৈধ ব্যৱসায় প্ৰতিস্থান গঢ়ি তুলিছিল৷ লখিমপুৰ জিলাৰ উপায়ুক্ত বৰুণ ভূঞা, বিহপুৰীয়া ৰাজহ চক্ৰ বিষযা দিপ্তী মৰাঙ, লাট মণ্ডল, গাঁওবুঢ়া আৰু লালুক আাৰক্ষীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলে৷
বিগত তিনি মাহৰ পূৰ্বে উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও স্থানীয় ব্যৱসায়ীয়ে জিলা উপায়ুক্তক জনোৱা অনুৰোধৰ বাবে স্থগিত হৈ আছিল৷ সময় উকলি যোৱাৰ পাছত পুনৰ সপ্তাহ পূৰ্বে দিন ঘোষণা কৰি এই উচ্ছেদ চলাই৷ অৱশ্যে মঙলবাৰে উচ্ছেদৰ পূৰ্বেই একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভূমি খালী কৰি দিছিল যদিও একাংশই কৰা নাছিল৷ দোকান সমুহ ভঙাৰ লগতে ভঙাৰ সময়ত উক্ত স্থানত থকা সা-সামগ্ৰী সমুহ জব্দ কৰি লৈ যায়৷