59
ৰঙিয়াঃ ৰঙিয়াৰ বাছ আস্থানত পুৱতি নিশা এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জোতা-চেণ্ডেলৰ দোকানসহ মুঠ ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি চাৰখাৰ হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয়।
চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। উল্লেখ্য যে কোনো মানুহ নথকা দোকানকেইখনত পুৱা পথচাৰীয়ে জুই লগা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।