ডিজিটেল ডেস্কঃ কেৱল ২০ বছৰে এখনেই চিনেমা চলিছিল ছবিঘৰটোত৷ শ্বাহৰুখ খান আৰু কাজল অভিনীত দিলৱালে দুলহনীয়া লে জায়েংগে চমুকৈ ডিডিএলজে বুলি জনপ্ৰিয় চলচিত্ৰখন মুক্তি পোৱাৰ পৰা আজিৰ তাৰিখলৈ মুম্বাইৰ মাৰাঠা মন্দিৰ থিয়েটাৰ হলত চলি অহাটো একপ্ৰকাৰ অভিলেখ আছিল৷ পৰ্যটকৰ বাবেও সদায় কৌতুহল আৰু বিস্ময়ৰ কাৰণ আছিল এই ডিডিএলজে প্ৰীতি।

কিন্তু অহা মঙলবাৰৰ পৰা এই কথা হৈ পৰিব ইতিহাস। কিয়নো উক্ত দিনা এই বিশেষ ছবিগৃহটোত মুক্তি লাভ কৰিব এখন বিশেষ চলচিত্ৰৰ ট্ৰেইলাৰে৷ শ্ৰদ্ধা কাপুৰ আৰু তেওঁৰ ভাতৃ অভিনীত ’হাসিনা পাৰকৰ’ নামৰ চলচিত্ৰখনৰ ট্ৰেইলৰ মুক্তি দিয়া হ’ব উক্ত দিনা৷

যিহেতু মাৰাঠা মন্দিৰ থিয়েটাৰ হলটোৰ এখনেই পৰ্দা গতিকে মঙলবাৰে দুপৰীয়া বন্ধ থাকিব ডিডিএলজেৰ প্ৰদৰ্শনী৷ কিয়নো মঙলবাৰে দুপৰীয়া মুক্তি পাব এই ট্ৰেইলৰটোৱে৷

উল্লেখ্য যে এই হলটোত বিগত প্ৰায় ২০ বছৰে প্ৰত্যেকদিনা ডিডিএলজেৰ এটা শ্ব' দেখুৱাই অহা হৈছে৷ হসিনা পাৰকৰ নামৰ চলচিত্ৰখন কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমৰ ভগ্নী হাছিনাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷