গুৱাহাটীঃ ১৯৭৮ চনত ‘চলওৱা চাৱন’ নামৰ হিন্দী বোলছবিৰ জৰিয়তে বলিউডৰ জগতত ভৰি থৈ কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰাএকালৰ মোহময়ী অভিনেত্ৰীগৰাকী আৰু নাই৷ সৌন্দৰ্য্য আৰু দুৰন্ত প্ৰতিভাৰ অধিকাৰী অভিনেত্ৰী গৰাকীয়ে ১৯৭৮ চনৰ পৰা অভিনয় আৰম্ভ কৰি কম সময়ৰ ভিতৰতে ভাৰতীয় চিনেমাত কেইবাখনো আগশাৰীৰ বোলছবিত অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল৷
জিতেন্দ্ৰৰ সৈতে হিম্মতৱালাত অভিনেত্ৰীৰূপে অভিনয় কৰি কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰে৷ কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰা অভিনেত্ৰীগৰাকীয়ে ১৯৮৩ চনত মাৱালি, ১৯৮৪ চনত মিষ্টাৰ ইণ্ডিয়া, ১৯৮৭ চনত চান্দনি, জুডাই, নাগিজনাত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰাৰ লগতে বক্স অফিচত চুপাৰ-ডুপাৰ হিট অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল৷