NewsNextOne । নগাঁওঃ বিখ্যাত ঐতিহাসিক আঁহতগুৰিৰ ম'হযুঁজৰ কথা ক'লে সকলো ৰে মানস পটত ভাহি উঠে এগৰাকী বিশেষ ব্যক্তিৰ প্ৰতিচ্ছবি। নাম তেওঁৰ মাণিক কলিতা। বিগত তিনি দশকৰো অধিক কাল আঁহতগুৰিৰ ম'হযুজস্থলীৰ লগতে অন্যান্য প্ৰান্তটো ম'হৰ শিঙৰ পেঁপা বজাই সৰ্বস্তৰৰ দৰ্শকৰ  হৃদয় জুৰাৰবলৈ সক্ষম হোৱা বৰ্ষীয়ান পেঁপুৱা মাণিক কলিতাই অৱশেষত লাভ কৰিলে শিল্পী পেঞ্চন।

ৰাজ্য চৰকাৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা শিল্পী পেঞ্চন প্ৰাপকৰ তালিকাত নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ নতুন ভোগবাৰী সত্ৰ নিবাসী ৮৪ বছৰীয়া পেপুৱা মাণিক কলিতাৰ নাম অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈ পৰিছে অঞ্চলবাসী।

সেয়ে উৎফুল্লিত স্থানীয় ৰাইজে ৮৪ বছৰ বয়সতো এগৰাকী দুৰন্ত তৰুণৰ দৰে ৰাজ্যৰ বিভিন্ন মঞ্চত পেঁপা বাদনৰ জৰিয়তে ৰাইজক মন্ত্ৰমুগ্ধ কৰি অহা মাণিক কলিতাক এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বুধবাৰে সন্ধিয়া চকলাঘাটৰ ঐতিহাসিক সোণাইপাৰ গৌৰীনাথ মন্দিৰত বিশেষ ভাৱে সম্বৰ্ন্ধনা জনোৱা হয়।

মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত মাণিক কলিতাক ফুলাম গামোচা আৰু এখনি চেলেঙে আদিৰে সম্বৰ্ন্ধনা জনোৱা হয়। এই অনুষ্ঠানতে শিল্পী গৰাকীয়ে ম'হৰ শিঙৰ পেঁপা বজাই উপস্থিত সকলোকে আপ্লুত কৰি তোলে ৷

স্মৰ্তব্য যে, মাত্ৰ ১২ বছৰ বয়সৰ পৰাই আজিৰ তাৰিখলৈকে বিহুৰ ঐতিহ্য , পৰম্পৰা, সংস্কৃতি ৰক্ষাৰ বাবে জীৱনটো উচৰ্গা কৰা মাণিক কলিতাই বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বহুবাৰ আবেদন নিবেদন কৰিও বঞ্চিত হ'ব লগা হৈছিল শিল্পী পেঞ্চনৰ পৰা।

শিল্পী গৰাকীক শিল্পী পেঞ্চন প্ৰদান কৰাৰ বাবে বিগত সময়ত বৃহত্তৰ হাতীচোং মৌজাবাসী ৰাইজে আহ্বান জনাই আহিছিল ৷ অৱশেষত বৰ্তমানৰ চৰকাৰৰ দিনত শিল্পীগৰাকীয়ে পেঞ্চন লাভ কৰাত সকলোয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চৰকাৰলৈ কৃতজ্ঞতা জনাইছে ৷