ছিপাঝাৰঃ ধৰ্মীয় উপাসনা স্থানত কাতিমহীয়া পুথিপাঠ অনুস্থানত এজন যুৱকে শ্ৰীমদ্ভাগৱত পুথি ৰাইজৰ মাজতে ফালি পেলোৱা এক ঘটনাই দৰং জিলাৰ ছিপাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
কাতি মাহ উপলক্ষে মঙলবাৰে নিশা পুথি পাঠ চলি থকাৰ সময়ত লোজোৰা গাঁৱৰ ভাস্কৰজ্যোতি ডেকা নামৰ যুৱকজনে সুৰাসক্ত অৱস্থাত মাতাল হৈ আহি মন্দিৰত প্ৰৱেশ কৰি অভাৱনীয় ভাৱে শ্ৰীমদ্ভাগৱত পুথিখন প্ৰথমে মাটিত থেকেচি, ভৰিৰে গচকি পাছত ছিৰাছিৰকৈ ছিঙি পেলোৱাৰ গুৰুতৰ অভিযোগ কৰে স্থানীয় লোকে৷