গ্ৰন্থৰ সুবাস বিলাই সামৰণি পৰিল উত্তৰ পূৱ শিশু গ্ৰন্থমেলা
হোমেন বৰগোহাঞিক মাধৱ কন্দলি বঁটা প্ৰদান

নগাঁও,৭ নৱেম্বৰঃ  গ্ৰন্থৰ সুৱাস বিলাই আজি সফল সামৰণি পৰিল নগাঁৱৰ কলংপাৰৰ নেহৰুবালি বাকৰিত অনুষ্ঠিত হৈ থকা উত্তৰ পূৱ শিশু গ্ৰন্থমেলাৰ। উত্তৰ পূৱ শিশু গ্ৰন্থ মেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত উত্তৰ পূৱ শিশু গ্ৰন্থ মেলাৰ আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানৰ সভাতেই প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিক মাধৱ কন্দলি বঁটা আৰু আৰক্ষী বিষয়া দেৱেন বৰাক বনবন্ধু বঁটা প্ৰদান কৰা হয়।

বিশিষ্ট সমালোচক প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, মাধ্যমিক শিক্ষা বিভাগৰ সচিব চমছেৰ সিং, মাধ্যমিক শিক্ষা বিভাগৰ উপ সচিব প্ৰবীণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত প্ৰমুখ্যে কে'বাজনো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।সভাত উত্তৰ পূৱ শিশু গ্ৰন্থ মেলাৰ সন্মানীয় মাধৱ কন্দলি বঁটা গ্ৰহণ কৰি প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে কয়, " অসমীয়া জাতি পিছপৰাৰ অন্যতম মুল কাৰণ হ'ল শিশু সাহিত্যক সম্পূৰ্ণ অৱহেলা কৰাটো। শিশু অৱস্থাতে যেনেকৈ শাৰিৰীক পুষ্টিৰ আটাতকৈ বেছি দৰকাৰ, উপযুক্ত মানসিক পুষ্টিৰো তেতিয়াই আটাতকৈ বেছি দৰকাৰ। উপযুক্ত মানসিক আহাৰৰ অভাৱত মানসিক অপুষ্টিত ভোগা শিশুৱে কেতিয়াওঁ ডাঙৰ হৈ এটা পূৰ্ণ বিকশিত মনৰ অধিকাৰী হ'বলৈ আশা কৰিব নোৱাৰে।" বিশিষ্ট সাহিত্যিক গৰাকীয়ে লগতে আৰু কয়,"শিশু অৱস্থাতে যদি মানুহৰ মনত কিতাপৰ প্ৰতি অনুৰাগ সৃষ্টি কৰা নহয়, তেন্তে ডাঙৰ হৈ সেই অনুৰাগ তেওঁ কেনেকৈ অনুভৱ কৰিব ? শিশু অৱস্থাতে মানুহে নানা ধৰণৰ অলেখ কিতাপ পঢ়ি ভাষাৰ বিচিত্ৰ ৰহস্যময় সম্ভাৱনাৰ লগত পৰিচিত হ'বলৈ সুযোগ নাপায়, নিজৰ শব্দ সম্ভাৰ বঢ়াবলৈ সুযোগ নাপায়, তেন্তে ভৱিষ্যতে তেওঁ কেনেকৈ সু-শিক্ষিত আৰু ৰসগ্ৰাহী মানুহ হৈ উঠিব।" অসমত শিশু সাহিত্যৰ অভাৱৰ কথা উল্লেখ কৰি তেওঁ কয়," শিশু সাহিত্যৰ দৈন্য‌ই হ'ল অসমীয়া ভাষা সাহিত্যৰ বৃহত্তম দুৰ্বলতা। অসমীয়া সমাজত শিক্ষিত মানুহৰ সংখ্যা হো হোকৈ বঢ়া সত্বেও সাহিত্যনুৰাগী পাঠকৰ সংখ্যা বঢ়া নাই। তাৰ কাৰণ শিশু সাহিত্যৰ অভাব । শিশু অৱস্থাতে কিতাপৰ নিচা নালাগিলে ডাঙৰ হলে কেনেকৈ লাগিব ?" প্ৰসংগ ক্ৰমে তেওঁ কয় - পৃথিৱীৰ সকলো উন্নত ভাষাতেই শিশুৰ মানসিক বিকাশৰ উপযোগী কিতাপ আৰু আলোচনী আদি উলিয়াবৰ কাৰনে সৰ্বাধিক প্ৰযত্ন কৰা হয়। ভাষন প্ৰসংগত লগতে তেওঁ কয় - আমাৰ চুবুৰীয়া বঙলা ভাষাটো বিদ্যাসাগৰ, ৰবীন্দ্ৰ নাথৰ পৰা আৰম্ভ কৰি, বুদ্ধদেৱ বসু, প্ৰেমেন্দ্ৰ মিত্ৰ, বিভুতি ভূষন বন্দোপাধ্যায়। আনকি চিত্ৰ পৰিচালক সত্যজিৎ ৰায় পৰ্যন্ত সৰ্বশ্ৰেষ্ঠ বাঙালী প্ৰতিভা সকলে শিশু সাহিত্য সৃষ্টিত নিজৰ বৰঙণি আগবঢ়াইছে। কিন্ত আমাৰ অসমীয়া মানুহৰ সেইফালে সমূলি কানসাৰ নাই। লাখ লাখ শিশুক সিহতৰ নুন্যতম মানসিক পুষ্টিৰ পৰা বঞ্চিত কৰি ৰাখি আমি বয়সীয়া সকলৰ কাৰণে পোলাও, কোপ্তা - কালিয়া নাই বুলি হামৰাও কাঢ়ি মৰিছোঁ। এতিয়া আমাৰ সৰ্বাধিক প্ৰয়োজন হ’ল- শিশুৰ চেমনীয়াৰ উপযোগী কিতাপ আৰু আলোচনী প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদৰ নিচিনা এটা সুকীয়া অনুষ্ঠান খোলা। 

বিশিষ্ট সমালোচক প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বৰগোহাঞিয়ে শিশু গ্ৰন্থমেলা উদ্যোক্তা সমিতিক শিশু সাহিত্যৰ প্ৰতিযোগিতা পাতিবলৈ আহ্বান জনায়। বৰগোহাঞিক প্ৰদান কৰা মাধৱ কন্দলি বঁটাত আছে ফুলাম গামোচা, পাটৰ চেলেং, অংগবস্ত্ৰ, মানপত্ৰ, জাপি, শৰাই, স্মাৰক,নগদ ধন আদি।

এই অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাক উত্তৰ পূব শিশু গ্ৰন্থমেলা সমিতিয়ে ‘‘বনবন্ধু’’ বঁটা প্ৰধান কৰে। বঁটা গ্ৰহণ কৰি দেৱেন বৰাই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন হৈছে ৰাষ্ট্ৰীয় সম্পদ।এই অভয়াৰণ্য খনৰ আপুৰুগীয়া গড় কেইটাক সুৰক্ষা প্ৰদান কৰাটো প্ৰতিজন অসমীয়াৰেই জাতীয় দায়িত্ব।
  
ইপিনে, আজি উত্তৰ পূৱ শিশু গ্ৰন্থ মেলাৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি, পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শিশুৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।এই অনুষ্ঠান সমূহত কে'বাশ শিশুৱে অংশগ্ৰহণ কৰে।

জয়ন্ত মুদৈ,নগাঁও