ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভূৰুকা অ' আইতা গামোচা কাটিবৰ হ'ল...

চাওঁতে চাওঁতে পদূলি মুখত অসমীয়াৰ নৱবৰ্ষ। ব’হাগ বিহু আহি পালেহি, কুলি কেতেকীৰ মৌ মিঠা মাতত ৰজনজনালে আকাশ বতাহ, এতিয়া অসমীয়াই হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু। উৰুকা গ’ল, বিহু আহিল...।

দীঘলতিৰ মাখিয়তি পাত 
গৰু বিহুৰ দিনা গৰুক গা ধুৱাই লৈ কেৰেলা বেঙেনা চাত... 

এনেদৰেই সকলো ডেকা-বুঢ়া একত্রিত হৈ গৰুক গা ধুৱাই অপায়-অমংগল বিনাশৰ নিমিত্তে একত্রিত-সমবেত।

দীঘলতিৰ দীঘল পাত গৰু কোবাওঁ জাক জাক 
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হবি বৰ বৰ গৰু

অসমীয়াৰ অতি আদৰৰ গৰু বিহু পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অসমবাসীয়ে পালন কৰা হয় গৰু বিহু, দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই লাও, বেঙেনা, কেৰেলা, হালধি, ঠেকেৰা, তিঁয়হ আদিৰে গৰুৰ গাত চাত মৰি বছৰটো মংগলৰ নিমিত্তে পালন কৰি অহা এই সাতামপুৰুষীয়া পৰম্পৰা পালন নকৰাকৈ নাথাকে অসমীয়াই। প্রকৃতিয়ে ন-সাজেৰে নিজকে সজাই তোলা সময়ত গৃহস্হই ঘৰৰ গৰুকেইটাকো ন-কৈ তৰালি পঘাৰে বন্ধি ৰক্ষা কৰে পৰম্পৰা।

বৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়া সিঁচি সংস্কৃতিৰ অপূৰ্ব নিৰ্দশনৰে উজ্বলি উঠিব প্রকৃতিৰ অনন্য, এয়া নাহৰ ফুলাৰ বতৰ, এয়া কপৌ ফুলাৰ বতৰ, গোলাপ, নাহৰ, তগৰ ফুলৰ আমোলমোল গন্ধই চৌদিশে বোৱাই দি বসন্তক ৰিঙিয়াই মতাৰ বতৰ এয়া।

প্রভাতী পখীৰ নিঃসৰিত গানে জনাইছে নৱবৰ্ষ স্বাগতম! ব’হাগৰ বিহগী পখী কুলি-কেতেকীৰ নিত্য নতুন প্রভাতৰ চেৱত ধৰনীৰ গছ-লতিকাই নিজকে সজাই তুলিছে। বৰদৈচিলাই চুলি মেলি আনন্দত বিভোৰ হৈ মাকৰ ঘৰলৈ ঢাপলি মেলিছে। এয়াই ব’হাগ। এয়াই প্রণৰো প্রাণৰ হিয়াৰ আমঠু বাপতিসাহোন ৰঙালী বিহু উন্মনা যৌৱনৰ সুকীয়া মাদকতা। অনাবিল আনন্দ আৰু ৰসৰ সঁফুৰা...।

চ'তে গৈয়ে গৈয়ে ব’হাগে পালেহি ফুলিলে ভেবেলি লত।

কৈনো কৈ থাকিলে ওৰকে নপৰে ৰঙালী বিহুৰে কথা।

প্রকৃতিৰ অপৰিসীম মাদকতা আৰু নান্দনিক সৌন্দৰ্যৰ মাজতেই নিহিত হৈ আছে অসমীয়াৰ আদৰৰ ব’হাগ বিহু, বিহু বুলিলেই অসমীয়াৰ গা সাতখন আঠখন...।

সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী তাকে লৈ বিহুলৈ যাওঁ...।

বিহু আহোম স্বৰ্গদেৱসকলৰ দিনৰেপৰা পৰম্পৰাগতভাৱে চলি অহা জাতীয় উৎসৱ। ই অসমীয়া জাতিৰ আয়ুস ৰেখা। 

অতীতৰ পৰম্পৰা আৰু গৌৰৱ অক্ষুন্ন ৰাখি এইবাৰো সমগ্র ৰাজ্যৰ লগতে বুৰঞ্জী বিখ্যাত শিৱসাগৰতো অতি উলহ মালহেৰে আয়োজন কৰা হৈছে ৰঙালী বিহু। ই হৈছে জাতীয় জীৱনৰ প্রাণ। এই বিহু কৃষি ভিত্তিক, ৰঙালী হৈছে ৰঙৰ উৎসৱ। এই সময়ত প্রকৃতি ভৰ যৌৱনা হয়, এই বিহু প্রথমতে পথাৰৰ মাজত গছৰ তলত আয়োজন কৰা হৈছিল। এই বিহুৰ অন্যতম বৈশিষ্ট হৈছে শস্যে মস্যে বসুন্ধৰা হোৱাৰ নিমিত্তে লগতে ঢোলৰ চাপৰত বাদল ফুটাৰ নিমিত্তে আয়োজন কৰা হয়। 

পৰৱৰ্তী সময়ত এই বিহু গছৰ তলৰপৰা আহি স্বৰ্গদেৱৰ চোতাল পালেহি।

স্বৰ্গদেৱ ওলালে বাটচ'ৰা মুখলে ডুলিয়াই পাতিলে ডোলা 
কাণত জিলিকিলে ন'ৰা জঙেফাই গাতে গোমে চেঙৰ চোলা

বিগত বৰ্ষৰ দৰে এইবাৰো স্বৰ্গদেৱৰ চোতাল অৰ্থাৎ ৰংঘৰৰ বকৰিত ১ ব’হাগৰ দিনা অতি উল- মালহেৰে আয়োজন কৰা হৈছে বিহুৰ। লগতে দিখৌমুখতো বাপতিসাহোন বিহুৰ চলিছে ব্যাপক প্রস্তুতি।