ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ পশ্চিমত অৱস্থিত ঐতিহাসিক দিখৌমুখ জাতি-জনগোষ্ঠীৰ মহামিলন ক্ষেত্র, য'ত বিহু বুলিলেই হয় উদুলি-মুদুলি পৰিৱেশ। 

বিগত বৰ্ষৰ দৰে এইবাৰো দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এদিনীয়াকৈ আয়োজন কৰিছে কেন্দ্রীয় ৰঙালি বিহু সন্মিলন। পতাকা উত্তোলন আৰু বন্তি প্রজ্বলনেৰে আয়োজন কৰা অনুষ্ঠানটোত শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলৰ বিহু প্রদৰ্শন, চিত্রাংকণ প্রতিযোগিতা, নিজৰা বৰুৱা সোঁৱৰণি মৌ কুঁৱৰী প্রতিযোগিতাৰ আয়োজন কৰা হয়।

ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত জোন জোনাক আৰু ৰূপম বড়াৰ গীতৰ শৰাই আয়োজন কৰে।