58
শিমলুগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নদ-নদী বোৰৰ মথাউৰি ভাঙি বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ্ৱতী নাজিৰা গেলেকীত দুখনকৈ নৈ বাঢ়নী পানীয়ে মথাউৰি ভাঙি পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
বিগত চাৰিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নৈ দুখন ফেনেফোটোকাৰে বাঢ়ি মথাউৰি ভাঙি ১৫ খনৰো অধিক গাঁও পানীত বুৰ গৈ জলমগ্ন হৈ আছে।