গুৱাহাটীঃ নাচনীৰ কান্ধত উঠি পেঁপা বজাই থকা কেইখনমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ পেঁপুৱাই নাচনীৰ কান্ধত উঠি পেপা বজোৱা দৃশ্যকলৈ ছচিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াই৷ নাচনীৰ কান্ধত পেঁপুৱা আৰু নাচনীজনীৰ দুয়োখন হাতত দুখন কাঁহৰ কাঁহী৷ ওঁঠত মিচিকি মাধুৰি হাঁহি৷ এই দৃশ্য অকল্পনীয় যেন লাগিলেও কিন্তু অকল্পনীয় নহয়৷ এইবাৰ বিহু মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো দুখন আছিল সাংস্কৃতিক নগৰী তেজপুৰৰ থেচপিয়ান নামৰ এটা সাংস্কৃতিক গোষ্ঠীৰ প্ৰদৰ্শনৰ দৃশ্য৷ 

ছচিয়েল মিডিয়া যোগে থেচপিয়ান সংস্কৃতিক গোষ্ঠীৰ ফটো ভাইৰেল হোৱাৰ পিছতেই বিতৰ্কৰ সৃষ্টি হয়৷ বিহু সংস্কৃতিক অৱমাননা কৰা হৈছে বুলি বহুজনে অভিযোগ উত্থাপন কৰে৷ লোকশিল্পী প্ৰসন্ন গগৈয়ে ভাইৰেল হোৱা এই দৃশ্যত অসন্তুষ্ট হৈ পৰে৷ প্ৰসন্ন গগৈয়ে বিহু সুৰক্ষা সমিতিক বিহিত গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ 

ইফালে অসম বিহু সুৰক্ষা সমিতিৰ সদস্য জয়কান্ত গন্ধিয়াই এয়া কোনো লোক সংস্কৃতি নহয় বুলি উল্লেখ কৰে৷ আমি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈ এনে দৃশ্যই আমাৰ সংস্কৃতিক অধঃপাতে নিছে বুলি কয় জয়কান্ত গন্ধিয়াই৷ বিহুৰ পৰম্পৰা অনুসৰি ম’হৰ পিঠিত উঠি পেঁপা বজোৱা হয়৷ কিন্তু নাচনীৰ কান্ধত উঠি পেঁপা বজোৱাৰ দৰে অৰ্বাচনীয় কাৰ্যই আমাৰ সংস্কৃতিক অৱমাননা কৰে বুলি মন্তব্য প্ৰকাশ কৰে গন্ধিয়াই৷

ইফালে অখিল ভাৰত মহাসভাৰ অসম প্ৰদেশৰ সভাপতি দ্বীপজ্যোতি দাসে কয় যে অসমত কিয় এনে কাণ্ডবোৰ সংঘটিত হৈ আছে? কেনেদৰে এগৰাকী নাচনীৰ কান্ধত উঠি পেঁপা বজাব পাৰে৷ এনে দুস্কাৰ্য আমি কোনো পধ্যেই স্বীকাৰ কৰি লব নোৱাৰো৷ অসমীয়া ৰাইজ এনে কাৰ্যৰ বিৰুদ্ধে ওলাই অহা উচিত৷

আনহাতে অসমৰ ছচিয়েল মিডিয়া সক্ৰিয় লোকে বিভিন্ন ধৰণে মন্তব্য প্ৰকাশ কৰিছে এই কাণ্ডক লৈ৷ কোনো লোকে সপক্ষে আৰু কোনো লোকে বিপক্ষে মত প্ৰকাশ কৰিছে৷
নাচনীৰ কান্ধত উঠি পেঁপুৱাই পেপা বজোৱা দৃশ্যক সপক্ষে আৰু বিপক্ষে ছচিয়েল মিডিয়াত মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ বহু লোকে ফেচবুকৰ নিজৰ টাইমলাইনত আপডেট দি নিজৰ নিজৰ মনোভাব ব্যক্ত কৰিছে৷ 

ফেচবুকত নিজক টাইমলাইনত এটি আপডেট দি Prasanta Rabha-এ কয় ‘‘তেজপুৰীয়া থেছপিয়ান আমাৰ অতি মৰমৰ সাংস্কৃতিক দল৷ দলটোক সাঙুৰি এটা বিতৰ্ক আৰম্ভ হৈছে৷ বহুতেই এই বিতৰ্কত মাৰ্জিত ভাব আৰু ভাষাৰ পৰা বিৰত থকা দেখা গৈছে৷ অনেক ভাল কাম কৰিব যাওতে এটা ভুল হোৱাতো একো ডাঙৰ কথা নহয়৷ তাক আমি মাৰ্জিত ভাষা-ভাবৰ প্ৰয়োগেৰেও সমালোচনা কৰিব পাৰো৷ আনকি শিক্ষা-বৃত্তিত থকা বহুজনেও বৰ বেয়া ভাবেৰে সমালোচনা কৰা দেখা গৈছে৷ আচৰিত! Mukhyadhar দ্যা, থেছপিয়ানে বহু ভাল কাম কৰিলে, কৰি যাব৷ সংস্কৃতিৰ আকাশত জিলিকি থাকিব৷ কেৱল মোৰ দৰে এগৰাকী শুভাকাংক্ষীৰ এটাই আহ্বান৷ নাৰীৰ কান্ধত নুঠাকৈ পেপাঁ বজালেও তেজপুৰীয়া থেছপিয়ানে একো চমৎকাৰিত্ব নেহেৰায়৷ যিহেতু থেছপিয়ান একক আৰু অনন্য৷ থেছপিয়ানলৈ বহুত মৰম আৰু শুভেচ্ছা?’’

#Razeeb Dazz-এ কয় ‘‘ব্যক্তিগত অনুভৱ৷ মিছাতে বিতৰ্কিত কমেণ্ট কৰি অপদস্থ নহয় যেন৷ আজি পুৱাৰ পৰা এইখন বিশেষ ফটোক লৈ বহু ব্যক্তিৰ পোষ্ট লক্ষ্য কৰিছোঁ। আচলতে এই ফটোখনত আছে কি? মই দেখাত একো বিশেষ ভুল কৰা নাই। যদি সৃষ্টি কৰাৰ ক্ষমতা নাই তেন্তে সৃষ্টি হোৱা বস্তু ধ্বংস কৰাৰো ক্ষমতা কাৰো নাই। কষ্টৰ মূৰত গঢ় লোৱা বস্তু ধ্বংস কৰাৰ চেষ্টা কিয়? যদি কান্ধত উঠোৱা গৰাকীৰ কোনো অসুবিধা হোৱা নাই তেন্তে বাকীসকলৰ আপত্তি কিহত? এইটো এটা সম্পূৰ্ণ বিহুৰ অনুষ্ঠান নহয়৷ মই জনাত এইটো এটা লোকবাদ্যৰ অনুষ্ঠানহে৷ য'ত বিহুকে আদি কৰি অসমৰ বিভিন্ন কৃষ্টি-সংস্কৃতি দাঙি ধৰা হৈছে৷ অসমৰ সেই বিশেষ সংস্কৃতিৰ ৰক্ষক কেইজনে গমেই নাপাই চাগে এওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত সন্মান লাভ কৰি আহিছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ যি সকলে তেওঁলোকৰ সম্পূৰ্ণ অনুষ্ঠানটো উপভোগ কৰিছে সেইসকলে হয়তো এই মন্তব্য নিদিলে হেতেন। বিতৰ্ক কৰিবলৈ বিচাৰিলে বিতৰ্কৰ ওপৰতো বিতৰ্ক কৰিব পাৰি। তেওঁ লোকে এই অনুষ্ঠান উপস্থাপন কৰোঁতে অকল ঢোল বজোৱা নাই, বিহু নচা নাই আৰু বহু কিবা কিবি কৰিছে। আপোনালোকই এই অনুষ্ঠানত ম’হ ব্যৱহাৰ কৰা হ’লে বন্যপ্ৰাণীৰ সুৰক্ষা বুলি বিতৰ্ক কৰাৰ পৰা আতৰত নাথাকিলে হেতেন। সুস্থ বিতৰ্ক কৰক। অসমীয়া সমাজক গঠনমুলক আৰু সুস্থ বিতৰ্কৰে আগুৱাই নিয়াত অগ্ৰণী ভুমিকা লওঁক। ফেচবুকত কেৱল সমালোচনা কৰি অসমৰ সংস্কৃতিৰ ৰক্ষা কৰিব নোৱাৰি মহাশয়সকল৷ নিজে কিবা কৰক তেতিয়া এনেধৰণৰ সমালোচনা কৰিলে শুৱাই। মিছাতে বিতৰ্ক কৰি এনেধৰণৰ প্ৰতিভাক লুপ্ত নকৰিব। নিজে কৰিব নোৱাৰা কাম আনে কৰিলে সমালোচনা কৰা বেয়া৷ গঢ় দিয়াৰ যদি সক্ষমতা নাই ভঙাৰো অধিকাৰ নাই ফেচবুকত সক্ৰিয় পুৰোধা ব্যক্তি সকলৰ?’’


#saidul islam-এ কয় ‘‘মনে মনে থাকিম কিয়৷ চিঞৰি চিঞৰি কমেই৷ বিহু প্ৰকৃতিৰ পৰা উদ্ভূত কৃষিভিত্তিক উৎসৱ৷ এসময়ত গাঁৱৰ যুৱকে মহৰ পিঠিত উঠি পথাৰত, চাপৰিত বা দলনিত মহ চৰাইছিল৷ মহৰ পিঠিতেই বহি মহৰ শিঙৰ পেঁপা বজাই সুসলিত সুৰ তুলিছিল৷ এতিয়া পথাৰৰ বিহু, চোতালৰ বিহু, আহঁতৰ তলৰ বিহু আহি মঞ্চত উঠিল৷ ইয়াক লৈ বৰকৈ আপত্তি কৰিবলগীয়া নাই৷ পৰিৱৰ্তন সকলোতে আহিছে, বিহুলৈও আহিবই অৱধাৰিতভাবে৷ কিন্তু কোনো ধৰণৰ নিকৃষ্ট কৰ্ম বিহুৰ নামত হোৱাটো সহ্য কৰিব নোৱাৰি৷ লাজ লাগিছে বিহুৰ নামত মঞ্চ পাতি 'কমৰীয়া কমৰীয়া' শীৰ্ষক ভোজপুৰী গীতত ইজনীয়ে সিজনীৰ কঁকালত কঁকাল কোবোৱা দেখি, কিমান নীচ হব পাৰে ভাবি ঘিন লাগিছে৷ ঘিন লাগিছে বিহুৰ নামত পতা মঞ্চত উতনুৱা মদাহীৰ বোকাময় নৃত্য৷ তাতকৈ দুখ লাগিছে বিহুৱা পোচাক পিন্ধি হাতত বিহুৱা পেঁপা লৈ বিহুৱতীৰ কান্ধত মহৰ পিঠিত বহাৰ দৰে বহি লৈ কৰা ফটুৱামি দেখি৷ প্ৰকৃততে আমাৰ সংস্কৃতি কৰ পৰা কলৈ গৈ আছে-এবাৰ ভাবি চাবৰ হ’ল৷ বিহু পাতি আমন্ত্ৰণী পত্ৰ বা প্ৰচাৰৰ মাধ্যমত জনপ্ৰিয় গায়ক-গায়িকাৰ ফটো দি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বুলি লিখিবলগীয়া হোৱাৰ দিনাই হয়তো প্ৰকৃততে বিহুৰ মঞ্চত বিহুৰ নামত এনে আচহুৱা আৰু অৰুচিশীল কৰ্ম কৰিবলৈ বাট এৰি দিছিল৷ ছবিখনে বহু কথাই কৈ গল৷ আয়োজক বা উদ্যোক্তাসকলৰ এই ক্ষেত্ৰত একোৱেই দায়িত্ব নাছিল নে? জাতীয় দায়বদ্ধতাৰ শ্ল’গান যেতিয়াই মন্ত্ৰী বিধায়ক হোৱাৰ আখৰাথলীৰ অমোঘ মন্ত্ৰ হয়, তেতিয়া জাতিৰ অস্তিত্ব আৰু পৰম্পৰাগত সংস্কৃতিয়ে চকুলো টোকে নিৰৱে৷ বিদায় বেলাৰ চকুলো৷ সময় থাকোতে এবাৰ ভাৱক, নহলে ৰসাতলে যাব সকলোখিনি৷’’


#Himanshu J Acharjya-এ কয় ‘‘ধৰ্মীয় মৌলবাদ যিদৰে বেয়াপাওঁ, সাংস্কৃতিক মৌলবাদো তেনেদৰেই বেয়াপাওঁ৷ কৃষ্টি-সংস্কৃতি গোট মাৰি হোৱা শিল নহয়৷ তাৰ পৰিৱৰ্তে বোৱতী নদীৰ দৰেহে৷ সংস্কৃতি পৰিৱৰ্তনশীল৷ সৌ তাহানিতেই জ্যোতিপ্ৰসাদে অৰ্গেনত লোকসংগীতৰ সুৰবোৰ তুলিছিল৷ আজিৰ ভাষাত ফিউজন কৰিছিল৷ যিমানদূৰ জানো তেজপুৰত বিষ্ণুৰাভাদেৱেও লোকবাদ্যৰে অৰ্কেষ্ট্ৰা কৰাৰ প্ৰয়াস কৰিছিল৷ ভাগ্য ভাল যে সেই যুগত ফেচবুক নাছিল৷ থকা হ'লে কৃষ্টি-সংস্কৃতিৰ মৌলবাদীবোৰে তেওঁলোকৰো মন ভাঙি দিলেহেতেঁন৷ সম্পৰীক্ষা থাকিব লাগিবই, নহ'লে উত্তৰণ হ'ব কিদৰে৷ মইতো কওঁ যে সুতুলিটো বাৰু একদম পৰম্পৰাগত বিহুত তিনিটা ফুটাৰেই বজাওক৷ কিন্তু কোনোবাই সাতটা ফুঁটা কৰি সপ্তস্বৰ উলিয়াই আধুনিকভাৱে ব্যৱহাৰ কৰিব পাৰি নেকি তাৰে পৰীক্ষা এটা কৰি চাওঁকচোন৷ প্ৰচেচৰ এটাও লগাই পৰীক্ষা কৰি চাওঁক৷ বেয়া হ'লে বাৰু এৰি দিয়ক৷ থেচপিয়ানে কৈ আহিছেই যে তেওঁলোক বিহুদল নহয়৷ বৰং তেওঁলোকৰ অনুষ্ঠান হৈছে থলুৱা বাদ্য অথবা পোচাকৰ সৈতে পৰিৱেশন কৰা সৃজনীমূলক অনুষ্ঠানহে৷ আপত্তি তেতিয়াহে থাকিলহেতেঁন যেতিয়া তেওঁলোকে সেয়া নিভাঁজ লোক কলা বুলি পৰিৱেশন কৰিলেহেতেঁন৷ সহজ ভাষাত একেই উপকৰণেৰে কৰা সেয়া অন্য ৰেচিপিহে, লোকখাদ্য নহয়৷ থেচপিয়ানৰ এই প্ৰয়াসক মই প্ৰশংসা কৰো৷ বাকী, নাচনীৰ কান্ধত পেঁপাবাদক দেখিলে অসহ্য লাগিবই দিয়কচোন৷ ছোৱালীৰ নো ইমান শক্তি হ'ব লাগে নে! ইমানদিনেতো পাতৰ তলত হে দেখি আহিছে লাওঁটো৷ পাতৰ তলতেই থকাটোৱেই কাম্য নহয়নে? হাজাৰ-লাখ বছৰীয়া উচ্চাত্মিকতা আৰু হীনমন্যতাবোধৰ পৰা মুক্তি পায়েই বা কেনেকৈ! সেয়ে কৃষ্টি-সংস্কৃতিৰ কান্ধত বন্দুকটো থৈ ফুটাই থাকক হতাশগ্ৰস্ত গুলিবোৰ৷ কান্ধত উঠা ল'ৰাজনক দেখি লাজপোৱাসকলে জানি থোৱা দৰকাৰ যে পুৰুষত্ব দাড়ি, গোঁফ, বুকুৰ নোম অথবা নাৰীৰ ওপৰত চলোৱা প্ৰভূত্বত নাই, আছে বুকুৰ ভিতৰত থকা মহাকাশ খনতহে৷’’

#Kaushik Das-এ কয় ‘‘তেজপুৰীয়া থেজপিয়ানলৈ অভিনন্দন। আগুৱাই যাওক দলটো। তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা সফল হওক। যুৱতী এগৰাকীৰ কান্ধত ডেকা এজন বহি পেঁপা বজোৱাটো সমগ্র অনুষ্ঠানটোৰ এটি অংশ মাত্র। সেইটোও ভাল লাগিছে।’’