কোকৰাঝাৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰ পৰিভ্ৰমণ কৰিবলৈ অহা সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ৩৬ জনীয়া বিশাল সঁজাতী দলটো আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী বহু স্থান পৰিভ্ৰমণ কৰি বিটিএডিৰ উন্নয়নৰ বুজ লয়।
সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সজাঁতি দলটি মূলত বিটিএডিৰ আন্তঃগাঁথনিৰ কাৰিকৰী দিশৰ অভিজ্ঞতাৰ বুজ লবলৈ আজি কোকৰাঝাৰস্থিত বিটিএডি বিধানপৰিষদীয় ভৱন, ছাই প্ৰকল্প আৰু কেন্দ্ৰীয় কাৰিকৰী প্ৰতিষ্ঠান অৰ্থাৎ চি.আই.টি ইত্যাদি পৰিদৰ্শন কৰে৷