81
মঙলদৈঃ বিদ্যালয়সমূহত অহা এক জুলাইৰ পৰা আৰম্ভ হ’ব গৰমৰ বন্ধ। বহু অভিভাৱকে হয়তো ইতিমধ্যে গৰম বন্ধৰ এমহীয়া কালছোৱাত সন্তানক লৈ ক’লৈ যাব, কি কৰিব তাৰ আগতীয়া পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছে।
আপুনি সন্তানক লৈ কত যাব, কি কৰিব সেয়া আপোনাৰ নিতান্তই ব্যাক্তিগত বিষয় যদিও গৰম বন্ধৰ সময়ছোৱাত দয়া কৰি আপুনি সন্তানৰ হাতত মোবাইল তুলি নিদিব!!! আপুনি জানিলে আচৰিত হ’ব যে আপোনাৰ সন্তানে ধেমালিতে কৰা ফোনকলৰ বাবেই বেমেজালিৰ সৃষ্টি হৈছে ১০৮ মৃত্যুঞ্জয় সেৱাত।