গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ বকোৰ সোনতলীৰ কালাতলীত আজি কালাতলী বজাৰৰ ভূমি বিবাদক কেন্দ্ৰ কৰি তিনি ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। এই মাৰ-পিটৰ ঘটনাত কেইবাজন লোক আহত হোৱাৰ উপৰিও এজনৰ অৱস্থা সংকটজনক। আহত কেইজনক স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱাৰ লগতে সংকটজনক অৱস্থাত এজনক জি এম চি এইচ লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী মতে আজি দুপৰীয়া শুকুৰ আলী নামৰ ব্যক্তি এগৰাকীৰ কালাতলী বজাৰস্থিত নিজ দখলীকৃতি ভূমি কালাতলীৰ হান্নান আলী, কদম আলী, আৰু নৈমুদ্দিন আলীৰ কিছু সহযোগীৰ সৈতে উক্ত ভূমি বলপূৰ্বক দখল কৰিবলৈ যোৱাৰ পিছতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।