Home ৰাজ্যত্ৰিপাক্ষিক বৈঠক, অসম দ্বিখণ্ডিত হোৱাতো নিবিচাৰে চৰকাৰে

ত্ৰিপাক্ষিক বৈঠক, অসম দ্বিখণ্ডিত হোৱাতো নিবিচাৰে চৰকাৰে

by News Desk
70 views
A+A-
Reset

কোকৰাঝাৰঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অান্দোলন চলাই অহা সদৌ টাই অাহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া যুৱ সন্মিলন, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন অাৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সতে অাজি নতুন দিল্লীৰ নৰ্থ ব্লকত জনজাতিকৰণ সন্দৰ্ভত এক ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ অান্দোলনত চামিল হোৱা প্ৰতিটো সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতি দাবী কৰাৰ পিছতো অাজি দুয়োগৰাকী নেতাৰ অনুপস্থিতিত ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়। ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজেজু , অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, উত্তৰ পূবৰ সচিব গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ, এডিজিপি পল্লৱ ভট্টাচাৰ্য, অসম চৰকাৰৰ অাইনী উপদেষ্ঠা শান্তুনু ভৰালী, কেবাগৰাকী সচিবকে ধৰি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত হোৱা অালোচনা সন্তোষজনক নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে অাক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0