গুৱাহাটীঃ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেচন, সদৌ অসম মটৰ-শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়ন, অল আছাম মটৰ শ্ৰমিক ফেডাৰেচনে আহ্বান জনোৱা চকা বন্ধৰ ব্যাপক প্ৰভাৱ গুৱাহাটী মহানগৰীত পৰিলক্ষিত হৈছে৷

জালুকবাৰী, ফাঁচী বজাৰ, গুৱাহাটী ক্লাব, চানমাৰী, পল্টনবজাৰ সকলোতে যাত্ৰীবাহী গাড়ী নোহোৱাত স্কুল-কলেজ, বেপাৰ-বাণিজ্য, অফিচলৈ বুলি ওলাই অহা যাত্ৰীসকলে অসুবিধাত পৰিছে৷ দুই-এখন বাহন চলিছে যদিও সেই বাহনত ভৰি দিবলৈ ঠাই নোহোৱা এটা অৱস্থা।

২৮ ঘন্টীয়া এই চকা বন্ধৰ ফলত স্বাভাৱিক জনজীৱন স্তদ্ধ হৈ পৰিছে। বাছ আস্থানসমূহতে মূৰে কপালে হাত দি বহি থাকিবলগীয়া হৈছে ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীসকল।

উল্লেখ্য যে মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন, চিকিৎসাৰ ব্যৱস্থা, শ্ৰমিক-কৰ্মচাৰীৰ ল'ৰা-ছোৱালীক শিক্ষা সাহায্য, মটৰ ভেহিকল আইন ১৯৮৮ সংশোধন কৰি শ্ৰমিকবিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত এই ৰাজ্যজোৰা ধৰ্মঘট আৰু চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল সংগঠনকেইটাই৷