গুৱাহাটীঃ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেচন, সদৌ অসম মটৰ-শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, অল আছাম মটৰ শ্ৰমিক ফেডাৰেচনে আহ্বান জনোৱা চকা বন্ধৰ ব্যাপক প্ৰভাৱ গুৱাহাটী মহানগৰীত পৰিলক্ষিত হৈছে৷
জালুকবাৰী, ফাঁচী বজাৰ, গুৱাহাটী ক্লাব, চানমাৰী, পল্টনবজাৰ সকলোতে যাত্ৰীবাহী গাড়ী নোহোৱাত স্কুল-কলেজ, বেপাৰ-বাণিজ্য, অফিচলৈ বুলি ওলাই অহা যাত্ৰীসকলে অসুবিধাত পৰিছে৷ দুই-এখন বাহন চলিছে যদিও সেই বাহনত ভৰি দিবলৈ ঠাই নোহোৱা এটা অৱস্থা।