ডিজিটেল ডেস্কঃ বলিউড জগতক চন্দ্ৰমাহীন কৰি থৈ দেওবাৰে ডুবাইত ভতিজাকৰ বিয়া খাবলৈ গৈ মৃত্যুবৰণ কৰা দেশৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ শ্ৰীদেৱীৰ নশ্বৰ দেহ সোমবাৰে মুম্বাইলৈ লৈ অনা হ’ব। মুম্বাইতে শ্ৰীদেৱীৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। 

12:35 AM চুপাৰষ্টাৰ শ্বাহৰুখ খান শ্ৰীদেৱীৰ গৃহত উপস্থিত হৈ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰে৷ 12:32 AM চুপাৰষ্টাৰ ৰজনীকান্ত শ্ৰীদেৱীৰ গৃহত উপস্থিত হৈ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰে৷ 12:31 AM ডুবাই আৰক্ষীয়ে কয়, শ্ৰীদেৱীৰ দৰে চুপাৰষ্টাৰে বাথটব পৰিচালনা কৰিব নজনা কথাটো বিশ্বাস কৰিব নোৱাৰি৷ শ্ৰীদেৱীয়ে ১৫ মিনিটৰ ভিতৰত কেনেকৈ ওৱাচৰুমত অচেতন হ’ব ৱপাৰে৷ ১.৫ ফিটৰ বাথটবত কেনেকৈ কোনোবা পৰি মৰিব পাৰে৷ 12:22 AM মৰণোত্তৰ ৰিপৰ্ট আৰু ফৰেণচিক ৰিপৰ্ট সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ডুবাই আৰক্ষীয়ে৷ এটি নিউজ চেনেলৰ খবৰ মতে, শ্ৰীদেৱীক বাথটাবত ডুবাই হত্যা কৰাৰ সন্দেহ কৰিছে ডুবাই আৰক্ষীয়ে৷ 10:14 PM আজি ভাৰত আহি নাপায় শ্ৰীদেৱীৰ মৃতদেহ৷ শ্ৰীদেৱীৰ মৃত্যুক লৈ ডুবাই আৰক্ষী আৰু পাব্লিক প্ৰচিউকিটৰে বনি কাপুৰৰ মন্তব্য ৰেকৰ্ড কৰিব৷ বনি কাপুৰক নিৰ্দোষী ঘোষণা কৰা নাই৷ 09:01 PM ডুবাই পাব্লিক প্ৰচিউকেটৰে শ্ৰীদেৱীৰ মৰণোত্তৰ ৰিপৰ্ট আৰু মৃত্যুৰ কাৰণৰ বৰ্ণনাত সন্তুষ্ট নহয়৷ বনি কাপুৰক বহু সময়লৈকে প্ৰশ্ন কৰা হয়৷ আদালতৰ মতে, শ্ৰীদেৱীৰ মৃত্যুৰ সময়ত বনি কাপোৰ তেওৰ কোঠাতে আছিল৷ 08:44 PM ডুবাই আৰক্ষীৰ মতে, ২৪-৪৮ ঘন্টাৰ ভিতৰত এটা মোবাইল নম্বৰৰ পৰা বহু ফোন আহিছিল৷ ইয়াকে তদন্ত আৰম্ভ হৈছে৷ 08:41 PM শ্ৰীদেৱীৰ মৃত্যুত উত্থাপন হোৱা তিনিটা প্ৰশ্ন #যদি বনি কাপুৰে সন্ধিয়া ৬.২৫ বজাত বাথৰুমৰ দৰ্জা জোৰকৈ খুলিব লগা হৈছিল তেন্তে আৰক্ষীক ৯ বজাত কিয় খবৰ দিয়া হৈছিল৷ #তৎকালে চিকিৎসালয়লৈ নিয়া নহ’ল কিয়? শ্ৰীদেৱীৰ হাৰ্ট এটেক হোৱা বুলি কোনে খবৰ প্ৰচাৰ কৰিলে৷ 07:26 PM এএনআইৰ মতে, আৰক্ষীয়ে মৃতদেহ নিয়াৰ অনুমতি প্ৰদান কৰিছে যদিও ন্যায়ধীশে অনুমতি প্ৰদান কৰা নাই৷ ন্যায়ধীশে অনুমতি নিদিলে আজিও মৃতদেহ লৈ অহাটো সম্ভৱ নহয়৷ 07:20 PM ভাৰতীয় ৰাষ্ট্ৰদূত নৱদীপ চুৰীয়ে স্থানীয় প্ৰশাসনৰ সৈতে সম্পৰ্কত থকা বুলি কয়৷ চেষ্টা কৰি থকা হৈছে যিমান সোনকালে পাৰে শ্ৰীদেৱীৰ মৃতদেহ প্ৰেৰণ কৰা যাওক বুলি কয় চুৰীয়ে৷ 07:19 PM অমৰ সিঙে শ্ৰীদেৱীৰ মৃতদেহ আজি নিশালৈ আহি পাব বুলি কয়৷ তেও বহু লোকৰ দৰে অলপ ৱাইন লৈছিল বুলি কয়৷ তেও বেছি মদ্যপান কৰা নাছিল৷ 07:17 PM ডুবাইত ৪ বজাৰ পিছত চৰকাৰী কোনো কাগজ নিয়া নহয় যদিও শ্ৰীদেৱী এগৰাকী চেলিব্ৰেটী হোৱাৰ পিছতো নিয়ম সলনি নহলে আজি মৃতদেহ আহি নাপয় বুলি CNN নিউজে আশংকা ব্যক্ত কৰে৷ 07:14 PM আজি মৃতদেহ আনিবলৈ দিব ডুবাই আৰক্ষীয়ে৷ তিনিখন কাগজ ওলোৱাৰ পিছত মৃতদেহ আনিব পাৰিব৷ আৰক্ষীয়ে অনুমতি প্ৰদান কৰে যদিও আদালতৰ অনুমতিৰ বাব ৰৈ থকা হৈছে৷ 06:11 PM কিছু বিষয়ত পুনৰ তদন্ত হ’ব পাৰে৷ বাথটাব পানীৰে ভৰি থকা, স্বামী বনি কাপুৰে হোটেল কৰ্তৃপক্ষ আৰু চিকিৎসকৰ পৰিবৰ্তে বন্ধু ফোন কৰা আদি বিষয়ক লৈ হ’ব তদন্ত৷ 05:56 PM চাউণ্ড ডিজাইনাৰ ৰছুল পুকট্টি অনিল কাপুৰৰ গৃহত উপস্থিত হৈ শ্ৰীদেৱীক পৰিয়ালক সমৱেদনা জ্ঞাপন কৰে৷ 05:53 PM শ্ৰীদেৱীক শ্ৰদ্ধা যাঁচিবলৈ বিশিষ্ট অভিনেত্ৰী অমিষা পেটেল উপস্থিত হয় অনিল কাপুৰৰ গৃহত৷ 05:49 PM শ্ৰীদেৱীৰ ফোন সন্দৰ্ভত হৈছে তদন্ত৷ কল ৰেকৰ্ডৰ হ’ব তদন্ত৷ 05:42 PM শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত ডুবাই আৰক্ষীয়ে টুইট কৰে৷ 5:29 PM মদৰ ৰাগীত ভাৰসাম্য হেৰুৱাইছিল শ্ৰীদেৱীয়ে৷ 5:17 PM শ্ৰীদেৱীৰ বাথটাবত ডুবি মৃত্যু হৈছিল৷ গল্ফ নিউজৰ খবৰ মতে হৃদৰোগত আক্ৰান্ত হৈছিল সেই সময়ত৷ যাৰ ফলত বাথটাবত ডুবি মৃত্যু হৈছিল শ্ৰীদেৱীৰ৷ সেয়া দুৰ্ঘটনা বুলি কয় নিউজ চেনেলটোৱে। 5:18 PM Khaleej Timesৰ খবৰ মতে, বাথটাবত ডুবি মৃত্যু হৈছিল শ্ৰীদেৱীৰ৷ তেজত পোৱা গৈছিল এলকহ’ল৷ 04:28 PM ডুবাইত বিবাহৰ অনুষ্ঠানত মেকআপ কৰাৰ পিছত ফটোৰ বাবে পজ দিয়াৰ মুহূৰ্তৰ ফটো টুইট কৰে Khaleej Times-এ৷ 04:05 PM অভিনেত্ৰী শ্ৰুতি হাচান ভগ্নী আসচাৰা হাচান আৰু মাতৃয়ে শ্ৰীদেৱীক শেষ শ্ৰদ্ধা যাচিবলৈ উপস্থিত হয় অনিল কাপুৰৰ গৃহত৷ 3:36 PM প্ৰখ্যাত অভিনেতা প্ৰয়াত ৰাজ কাপুৰৰ পত্নী কৃষ্ণা কাপুৰ উপস্থিত হয় অনিল কাপুৰৰ গৃহত৷ 3:33 PM অভিনেত্ৰী জয়া প্ৰদা উপস্থিত হয় শ্ৰীদেৱীৰ ঘৰত৷ 3:32 PM শেষ শ্ৰদ্ধা জনাবলৈ অভিনেতা এম নাচেৰ উপস্থিত হয় অনিল কাপুৰ ঘৰত৷ 3:30 PM মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী উপস্থিত হয় শ্ৰীদেৱীৰ ঘৰত৷ 03:26 PM চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰিলে পৰিয়ালে৷ কিছু সময় পিছতেই শ্ৰীদেৱীৰ মৃতদেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব বিমানে৷ 03:00 PM ডুবাইৰ khaleej Timesৰ খবৰ মতে পুনৰাই মৰণোত্তৰ পৰীক্ষা কাৰ নহয় শ্ৰীদেৱীৰ৷ এই বিষয়ক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এই বাতৰি প্ৰচাৰ কৰে সংবাদ প্ৰতিষ্ঠানটোৱে৷ 02:53 PM প্ৰথিতযশা ছবি নিৰ্মাতা শেখৰ কাপুৰে শ্ৰীদেৱী আৰু অনিল কাপুৰক লৈ নিৰ্মাণ কৰা ‘মিষ্টাৰ ইণ্ডিয়া’ৰ এটি দৃশ্য টুইট কৰি শ্ৰীদেৱীক স্মৰণ কৰে৷ 02:50 PM অমিতাভ বচ্ছনে ‘১০২ নট আউট’ৰ চিত্ৰগ্ৰহণ বাতিল কৰে৷ 02:45 মুম্বাইৰ সমুদ্ৰ তীৰত শিল্পী সুদৰ্শন পাটনায়কে শ্ৰীদেৱীৰ প্ৰতিচ্ছবি সাঁজি শ্ৰদ্ধাঞ্জলি যাচে৷ 02:29 PM অভিনেত্ৰী টাবু আৰু ফ্লিম নিৰ্মাতা ফাৰাহ খান বনি কাপুৰৰ গৃহত উপস্থিত হয়৷ 02:21 PM জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানে শ্ৰীদেৱীক শ্ৰদ্ধা জনোৱাৰ জনোৱাৰ উদ্দ্যশ্যে বনি কাপুৰৰ গৃহত উপস্থিত হয়৷ শ্ৰীদেৱী অবিহনে সৰোজ খানৰ একো নাই বুলি কয়৷ 01:37 PM বিশ্বৰ বিভিন্ন লোকে শ্ৰীদেৱীৰ মৃত্যুত টুইট কৰি শ্ৰদ্ধা যাচিছে৷ Grand Home Real Estate and Marie Clare Curleyৰ পৰিচালক লিনা আলবুৰ্কিয়ে কয় ‘‘বনি কাপুৰৰ মোৰ বন্ধু৷ বনি কপোৰ জেন্টেলমেন৷ শোকে খুন্দামাৰি ধৰিছে ৷ আমি তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিম৷’’ 01:32 PM পৰিচালক প্ৰযোজক কৰণ জোহৰ আৰু অভিনেতা মনিষ মালহোত্ৰা অনিল কাপুৰৰ গৃহত উপস্থিত হয়৷ 12:43 PM অভিনেতা ফাৰহান আখতাৰ আৰু মাতৃ হনি ইৰানি উপস্থিত হয় অনিল কাপুৰৰ গৃহত৷ 12:40 PM দেশৰ আগশাৰীৰ নৃত্য শিল্পী সৰোজ খানে কয় ‘‘মই এতিয়াও বিশ্বাস কৰিব পৰা নাই৷ আমি সকলোৱে তেওক ভাল পাওঁ৷ মই একো কৰিব নোৱাৰা হৈছো৷’’ 11:29 AM সৎকাৰৰ বাবে মুম্বাইৰ পৱন হংস শ্মশান সাজু কৰিছে শ্ৰমিকে৷ 11:28 AM কানপুৰত শ্ৰীদেৱীৰ ফেনে মম জ্বলাই শ্ৰদ্ধা যাচে। 11:23 AM ডুবাই আৰক্ষীয়ে বনি কাপুৰৰ মন্তব্য ৰেকৰ্ড কৰে৷ পতি বনি কাপুৰে প্ৰথমে বাথৰুমত মৃতদেহ উদ্ধাৰ কৰিছিল শ্ৰীদেৱীৰ মৃতদেহ৷ তাৰ পিছতেই বন্ধুক হোটেললৈ মাতিছিল বনি কাপুৰে। 10:46 AM অনিল আম্বানীৰ এয়াৰক্ৰাফটত লৈ অহা হৈছে মৃতদেহ 10.40 AM শ্ৰীদেৱীৰ অন্তিম মুহূৰ্তত হোটেলত তোলা ফটো৷ 10.37 AM সমগ্ৰ দেশে কৰিছে শ্ৰীদেৱীৰ বাবে অপেক্ষা৷ শ্ৰীদেৱীৰ অন্তিম মুহূৰ্তৰ হোটেলত তোলা ফটো

10:00 AM
ৰজনীকান্ত আহিব অন্তোষ্টিক্ৰিয়ালৈ

09:10 AM
শ্ৰীদেৱীৰ বাসগৃহৰ দৃশ্য

08:36 AM
এনেকৈ সুঁৱৰিলে অনুপম খেৰে

This is how I will always want to remember #Sridevi - Happening, Vibrant, Brilliant, Beautiful, Bestest and Unique.#QueenOfIndianCinemaSridevi pic.twitter.com/Om4Yi0IbxR

— Anupam Kher (@AnupamPKher) February 25, 2018

08:14 AM
হেমা মালিনীৰ টুইট

Sridevi’s sudden passing away has left me in deep shock. Can’t imagine how such a bubbly person, a wonderful actor, is no more.She has left a void in the industry that cannot be filled. Boney is a good friend & I’ve seen their daughters grow up. My prayers are with the family

— Hema Malini (@dreamgirlhema) February 25, 2018

08:00 AM 
হোটেল কৰ্তৃপক্ষই এতিয়ালৈ দিয়া নাই কোনো বিবৃতি

08:00 AM 
বাথৰুমত পৰিছিল শ্ৰীদেৱী, ভৰ্তি কৰা হৈছিল ডুবাইৰ ৰছিদ হস্পিতালত

07:59 AM 
য়শৰাজ ফিল্মছৰ পৰা পৰিয়ালৰ হৈ দেওবাৰে সন্ধিয়া শোকবাৰ্তা

07:58 AM
ভতিজাক মোহিতৰ মাৰৱাৰ বিয়া খাবলৈ গৈছিল শ্ৰেদেবী

07:56 AM 
চুপাৰষ্টাৰগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

 

সবিশেষ তলৰ লিংককেইটা পঢ়িব পাৰেঃ

http://www.newsnextone.com/shree-devi-comments-of-actor

http://www.newsnextone.com/pakistan-condolence