ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ ‘টইলেট এক প্ৰেম কথা’ নামৰ বহুচৰ্চিত ছবিখনৰ সৈতে বলিউডৰ বাদশ্বাহ কিং খানৰ ‘জব হেৰী মেট সেজল’ ছবিখনে একে সময়তে মুক্তি লাভ কৰাৰ বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতেই এই কথা উৰাবাতৰি বুলি কৈছে জনপ্ৰিয় অভিনেতাজনে।
কিং খানৰ মতে যথাদুৰ সম্ভৱ, বক্স অফিছত একেলগে দুখন ছবি মুকলি কৰি দিয়াৰপৰা বিৰত থকাটোৱে উত্তম। উল্লেখ্য যে ইয়াৰ পূৰ্বে হৃত্বিক ৰোশনৰ কাবিল ছবিখনৰ সৈতে কিং খানৰ ৰইছ ছবিখন একেলগে মুক্তি লাভ কৰাত হৃত্বিকৰ ছবিখনৰ ওপৰত প্ৰভাৱ পৰিব বুলি আশংকা ব্যক্ত কৰা হৈছিল। অৱশ্যে হৃত্বিকৰ ছবিখনে ভাল ইনকাম কৰিবলৈ সক্ষম হৈছিল।