49
তুলসীবাৰীঃ প্ৰখৰ ৰ’দ আৰু গৰমৰ প্ৰকোপত জনজীৱন বিপৰ্যস্ত হৈ অহাৰ সময়তে আজি পুৱাৰ ভাগত অপ্ৰত্যাশিতভাবে অহা ধুমুহা-বতাহে বৈদ্যগড় অঞ্চলত তাণ্ডব চলায়।
প্ৰৱল ধুমুহাৰ ফলত অঞ্চলটোৰ তৰণী, তুলসীবাৰী, কৰৰা, গড়ভিতৰকে ধৰি কেবাখনো গাঁৱত মূল্যবান গছ-গছনি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিদ্যুত যোগানো ব্যহত হৈ থকাতো পৰিলক্ষিত হৈছে।