53
বিহালীঃ ভাড়ালৈ অনা শিক্ষকেৰে পাঠদান চলিছে এখন বিদ্যালয়ত। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত মুল তিনিটা বিষয়ৰে নাই স্থায়ী শিক্ষক।
গণিত, বিজ্ঞান আৰু হিন্দী শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ পৰা মাহিলি ৫০ ৰপৰা ১০০ টকাকৈ সংগ্ৰহ কৰি ভাড়াতীয়া শিক্ষক নিয়োগ কৰি চলাব লগা হৈছে পাঠদান।