দলংঘাটঃ অবিভক্ত দৰং জিলাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ দেওধনীঘাট শাখাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানটি বৃহস্পতিবাৰে নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। দেওধনীঘাট শাখাৰ সম্পাদক বসন্ত কলিতাই আঁত ধৰা সভাখন উদ্ধোধন কৰে নগাঁও জনতা হাইস্কুলৰ শিক্ষক কুলেন কলিতা দেৱে আৰু সঞ্চালনা কৰে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰাক্তন সভাপতি কিৰণ চন্দ্ৰ চহৰীয়াই। 

উক্ত সভাত শাখাৰ অন্তৰ্গত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শাখাৰ অন্তৰ্গত ৭১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। কৃতী  ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ গামোচা, মানপত্ৰ আৰু একোটিকৈ মূল্যবান গছপুলিৰে অভিনন্দন জনোৱা হয়। 

উক্ত সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক হৰেশ্বৰ কলিতা। নিদিষ্ট বক্তা কলিতাই পশ্চিম দৰঙত উন্নয়নৰ হেতু প্ৰশাসনিক বিষয়া হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ দিয়ে। উপস্থিত দেওধনীঘাট শাখাৰ সভাপতি তৰুণ চন্দ্ৰ চহৰীয়া, শিক্ষা উপ-সমিতিৰ সম্পাদক হৰকান্ত কলিতা, ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি আৰু সম্পাদককে প্ৰমূখ্যে প্ৰমুখ ব্যক্তিসকল।