ৰঙিয়াঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মমৰ পোহৰত পঢ়ি উজলিছে ৰঙিয়াৰ এজন কৃতী ছাত্ৰ। পিতৃহাৰা প্ৰাঞ্জল তালুকদাৰ নামৰ এই ছাত্ৰজনৰ ভাল ফলাফলৰ বাবে ৰঙিয়া পীতাম্বৰ হাটবজালী আদৰ্শ জাতীয় বিদ্যালয়ত আনন্দৰ বন্যা বৈছে।
আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মুঠ ৫৫৯ নম্বৰ লাভ (৯৩%) কৰি সুখ্যতিৰে উত্তীৰ্ণ হৈছে এইজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। দহ মহীয়া প্ৰাঞ্জলক মাতৃৰ কোলাত এৰি মৃত্যু হৈছিল পিতৃ নৰেন তালুকদাৰৰ। তেতিয়াৰ পৰা বহু দুখ কষ্টৰ মাজেৰে প্ৰাঞ্জলক পঢ়ুৱাইছিল মাতৃ পবিত্ৰা তালুকদাৰে।