51
লখিমপুৰঃ বানপিড়ীতক সাহায্য দিয়াৰ দাবীত মঙলবাৰে ৰাজপথলৈ ওলাই আহিল নাওবৈচাৰ ছাত্ৰসংগঠন৷ যোৱা ২৩ দিনে নাওবৈচাৰ শিংৰাৰ বানপিড়ীতক সাহায্য নিদিয়াত ৰাইজে ২৯ মে’ত পথ আৱৰোধ কৰিছিল৷
১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ পিছতো বানপিড়ীতই কোনো সহায় নোপোৱাত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-পৰিষদে নাওবৈচাত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ লগতে নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে৷