মোৰাঝাৰঃ যমুনামুখৰ ঐতিহাসিক আকাশীগংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত তপতজুৰি, হালধিআটী, পাৰখোৱাকে ধৰি বৃহত্তৰ অঞ্চলটোত বিগত দহ-বাৰ বছৰৰ পৰা ফ্লুৰ’ছিছ আৰু ফ্ল’ৰাইডত আক্ৰান্ত হৈ এহাজাৰৰো অধিক শিশু, যুৱক, মহিলা আৰু বৃদ্ধই পংগু জীৱন যাপন কৰিব লগা হৈছে।
কিন্তু বিগত এক দশক ধৰি আজমল পৰিয়ালে এই দুৰ্ভগীয়া মানুহখিনিৰ সমস্যা সমাধান কৰাৰ পৰিবৰ্তে ৰাজনীতিহে কৰি আহিছে। সৌভাগ্যক্ৰমে হোজাই জিলাৰ উপায়ুক্ত ড০ এছ লক্ষ্মণৰ হস্তক্ষেপত প্ৰাথমিক পৰ্যায়ত মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত এই দুৰ্ভগীয়া লোকসকলৰ বাবে ৭০০ খন কম্বল বিতৰণৰ ব্যৱস্থা কৰা হয়।