76
ডিজিটেল ডেস্কঃ পুনৰ আত্মঘাতী বোমাৰুৱে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে কাবুলত৷ সোমবাৰে পুৱা কাৰবোমা বিস্ফোৰণত ৰাজধানী চহৰখনত নিহত হৈছে ২৪ জন লোক৷ তদুপৰি আহত হৈছে ৪২৷
নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ নাজিৰ ডেনিছে৷ আফগানিস্তান চৰকাৰৰ ডেপুটি চিফ এক্সিইউটিভ মহম্মহ মোহাকাকিৰ বাসভৱনৰ সন্মুখত সংঘটিত হয় এই বিস্ফোৰণ৷