63
নাওকাটাঃ এটি ঐতিহাসিক পথ-আৰু দলং। ১৯৬২ চনৰ চীনা-ভাৰত যুদ্ধৰ সময়ত ভাৰতীয় সৈন্যবাহিনীয়ে চীনা সৈন্যক প্ৰতিহত কৰাৰ বাবে ব্যৱহাৰ কৰিছিল উক্ত পথছোৱাক। সময় বাগৰিল, দেশ স্বাধীন হ’ল। সলনি হ’ল বহুকেইটা চৰকাৰ কিন্তু পৰিৱৰ্তন নহ’ল অঞ্চলটোৰ।
ক’বলৈ লোৱা হৈছে ভাৰত-ভূটান সীমান্তৱৰ্তী ওদালগুৰি-তামুলপুৰ পথৰ কথা। এই পথছোৱাৰ মাজমজিয়াতে আছে ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা শুক্লাই নদী।