গুৱাহাটীঃ গছ-গছনি,বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামে বিখ্যাত চিপকো আন্দোলনৰ প্ৰখ্যাত অগ্ৰগামী নেতা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাই ক’ভিড-১৯ত আক্রান্ত হৈ ৯৪ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে। ৯ মে’ ত ক’ভিড-১৯ত আক্রান্ত হোৱা পৰিৱেশবিদ গৰাকীক হৃষীকেশৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসালয়ত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাত প্ৰখ্যাত নেতা গৰাকীৰ মৃত্যু হয়।
সুন্দৰলাল বহুগুণাই চিপকো আন্দোলন আৰম্ভ কৰিছিল আৰু তাৰ বাবে নেতা গৰাকীক কৃতিত্ব প্ৰদান কৰা হৈছিল। ১৯৭০ দশকত উত্তৰ প্ৰদেশৰ গাঢ়োৱাল অঞ্চলৰ গাওঁবাসীৰ লগতে যুৱক-বৃদ্ধ, পুৰুষ-মহিলা আটাইকে সাঙুৰি গছ-গছনি আলিঙ্গন কৰি ব্যক্তিগত আৰু চৰকাৰী উদ্যোগসমূহক গছ কটাত বাধা আৰোপ কৰিছিল।