উঠি অহা প্ৰজন্মৰ মাজত ভয়ানক হাৰত দেখা দিয়া এক অনাকাংক্ষিত সামাজিক ব্যাধি হৈছে আত্মহত্যাৰ প্ৰৱণতা। এই ধৰণৰ নেতিবাচক মানসিকতা সমাজৰ পৰা নাশ কৰিবলৈ বিশ্বজুৰি প্ৰয়াস অব্যাহত আছে। ২০২১-২০২৩ বৰ্ষৰ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ ত্ৰিবাৰ্ষিক লক্ষ্য হিচাপে “কৰ্মৰ জৰিয়তে আশাৰ সঞ্চাৰ’’ক বিষয়বস্তু হিচাপে লোৱা হৈছে। পৰিৱৰ্তিত সময়ৰ ই এক শক্তিশালী আহ্বান। যুৱ সমাজক কামৰ মাজেৰে আগবঢ়াই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখি বুজাবলৈ চেষ্টা কৰা হৈছে যে, আত্মহত্যা কোনো সমস্যাৰ সমাধান নহয়। সমাধানৰ বিকল্প হৈছে কেৱল কামৰ জৰিয়তে নিজক উৎসাহিত কৰি আমাৰ আশাবোৰ জীয়াই ৰখা। একমাত্ৰ কৰ্ম ব্যস্ততা আত্মহত্যা প্ৰতিৰোধৰ শক্তিশালী আহিলা।
