গোলকগঞ্জঃ ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোতেই আৰম্ভণি হৈছিল নিকা ভাৰত গঢ়াৰ সপোন। নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযানৰ। চতুৰ্থটো বৰ্ষত ভৰি দিলে এই অভিযানে। কিন্তু আজিকোপতি সম্পূৰ্ণৰূপে সফল কৰিব পৰা নাই দিও দেশৰ বিভন্ন প্ৰান্তত স্বচ্ছ আঁচনিয়ে গুৰুত্ব লাভ কৰিছে৷
তাৰ মাজতে স্বচ্ছ ভাৰত দিৱস উপলক্ষে মঙলবাৰে ধুবুৰী জিলাত প্ৰশাসনে পদযাত্ৰা উলিয়াই এই দিৱস পালন কৰে। জিলাখনৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা আৰম্ভ হোৱা পথযাত্ৰা উদ্ধোধন কৰে উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ সঞ্চালক তথা গ্ৰাম স্বৰাজ অভিযানৰ নোডেল বিষয়া ভি এল ৰাউই কুল্লাইয়ে। পদযাত্ৰাত বৃহৎ সংখ্যাক লোক অংশ লোৱাত সন্তুষ্টি প্ৰকাশ কৰি অচিৰেই ধুবুৰী জিলাক মুকলি মল ত্যাগ মুক্ত জিলা হিচাবে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে নোডেল বিষয়া ভি এল ৰাউই কুল্লাইয়ে।