ডিজিটেল ডেস্কঃ Cash Crunchক লৈ চৌদিশে এতিয়া হাহাকাৰ৷ দেশৰ কেইবাখনো ৰাজ্যত যোৱা মাৰ্চ মাহৰ পৰা নগদ টকাৰ কম হোৱাৰ ফলত এটিএম এতিয়া কেচ লেচ হৈ পৰিছে৷ নদগ ধন নোহোৱাৰ ফলত ছচিয়েল মিডিয়া কৌতুকেৰে ভৰি পৰিছে৷
বিমুদ্ৰাকৰণৰ সময়ত দীঘলীয়া শাৰী পাতি এটিএমৰ পৰা নিজৰ সাঁচতীয়া ধন উলিয়াবলৈ সময় নষ্ট কৰাৰ ভয়াৱহ স্মৃতি দুৰ নৌহওতেই তেনেই এক পৰিস্থিতিয়ে দেখা দিব পাৰে বুলি শংকিত হৈছে ৰাইজ। সমগ্ৰ দেশত তেনেই এক সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি অনুভৱ হয় ছচিয়েল মিডিয়াৰ প্ৰচাৰ পৰিলক্ষিত কৰিলে।