85
গুৱাহাটীঃ বৰাক উপত্যকাত খলকনি লগাইছে এটি ভিডিঅ’ই৷ ছচিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’টো ইতিমধ্যে কেইবাশ লোকে চেয়াৰ কৰিছে৷ ভিডিঅ’টো বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ এখন বিদ্যালয়ৰ ভিতৰত ৰেকৰ্ড কৰা৷ ভিডিঅ’টোত বিশেষ একো নাই যদিও ভিডিঅ’টোৰ সৈতে লিখি দিয়া কথা খিনিই বিশেষ গুৰুত্ব লাভ কৰাত একাংশ লোকে ব্যাপত হাৰত ভিডিঅ’টে চেয়াৰ কৰিছে৷ এটি বিশেষ ধৰ্মৰ নাম লৈ সেই ধৰ্মৰ ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ভিডিঅ’টো যোগে৷