লংকাঃ কাঠুৱা কাণ্ডই সমগ্ৰ দেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ নিৰ্যাতনৰ অভিযুক্ত শিক্ষকৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ৷ হোজাই জিলাৰ কাকীত অভিযুক্ত শিক্ষকৰ সপক্ষে ৰাজপথলৈ ওলাই আইজ ৰাইজ৷
বুধবাৰে হোজাইৰ কাকী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বিদ্যালয়খনৰ শিক্ষক চন্দ্ৰ ডেকাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই ছাত্ৰীগৰাকীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত লংকা আৰক্ষীয়ে অভিযুক্ত চন্দ্ৰ ডেকাক আটক কৰে৷