শিমলুগুৰিঃ তুংগত উঠিছে তাই আহোম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি দ্বিতীয় দিনাৰ বিক্ষোভত ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) শিৱসাগৰ জিলা সমিতিয়ে শিমলুগুৰি ৰেলৱে জংছনত ৰেলৰ চলাচল স্তব্ধ কৰি তোলে।
জনগোষ্ঠী ঐক্যমঞ্চৰ সহযোগত তাই আহোম, আটছাকে ধৰি অসমৰ ছয় জনগোষ্ঠীক প্ৰাপ্য অধিকাৰৰ দাবী তোলা শতাধিক প্ৰতিবাদকাৰীৰ শ্লোগানত ব্যাহত হৈ পৰে ৰেল যোগাযোগ। প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লগতে উপস্থিত হয় প্ৰশাসনিক বিষয়া।