Home অন্যান্য খবৰতামুলপুৰত দুটাকৈ পথ দুৰ্ঘটনা আহত চাৰিজন

তামুলপুৰত দুটাকৈ পথ দুৰ্ঘটনা আহত চাৰিজন

by News Desk
A+A-
Reset
tamolpur

newsnextoneতামুলপুৰ ৮ অক্টোবৰঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপা এম ই এছ চ’ক আৰু তামুলপুৰ পুৰন চকত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত গেৰুৱৰা গাঁৱৰ  জাকিৰ হুছেইন(৪০) বেলবাৰীৰ কলমেশ পাটগিৰি ( ২২) ৰাহুল পাটগিৰি  আৰু দ্বাৰকুছিৰ নয়নজ্যোতি ব্ৰহ্ম (১৯) গুৰুতৰ ভাৱে আহত হয় ৷ 

জানিব পৰা মতে আজি আবেলি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰে পালচাৰ বাইক এখনেৰে ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত  বৰখোপাৰ এম ই এছ চকত তীব্ৰ বেগত চলোৱা বাইকখনৰ নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷ স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষীৰ সহযোগত ৰাইজে দুৰ্ঘটনাত পতিত হোৱা যুৱক কেইজনক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে তামুলপুৰৰ পুৰন চকত এ এছ ০১-বি ডব্লিউ ৭১২১ নম্বৰ পালচাৰ বাইকেৰে তামুলপুৰৰ পৰা কুমাৰীকাটালৈ গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই  ৰঙিয়া-ভূটান আন্ত-ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাত পতিত হয় ৷ আটাইকেইজন দূৰ্ঘটনাত পতিত যুৱকক তামুলপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক  অৱস্থাত  গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ  প্ৰেৰন কৰা হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0