তামুলপুৰঃ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে ঐতিহাসিক অসম আন্দোলনত অসমীয়া জাতিৰ হ’কে আত্মবলিদান দিয়া তামুলপুৰৰ ছগৰাকী শ্বহীদক দিনযোৰা কাৰ্যসূচীৰে স্মৰণ কৰে৷ পুৱা ন বজাত সন্থাৰ পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰীয়ে৷ 

৯-৩০ বজাত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল কাদিৰ আৰু তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকাই৷ ৯-৪৫ বজাত অসম ৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ  সভাপতি গোবিন্দ শৰনীয়াই৷ 

দহ বজাত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পাছত শ্বহীদৰ পৰিয়ালবৰ্গৰ সদস্যসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ দিনৰ এঘৰা বজাত আয়তীৰ নাম পৰিৱেশন আৰু আবেলি নাগাৰা নাম পৰিৱেশন কৰা হয়৷ উদ্বোধন কৰে প্ৰক্তন আছু নেতা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ন ৰাজবংশীয়ে৷ 

উল্লেখ যোগ্য যে ১৯৭৯ চনৰ আজিৰ দিনটোতে লতিবাৰী হাইস্কুলৰ দশম মান শ্ৰেণীৰ ছাত্ৰ প্ৰমোদ কলিতাই তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে শ্বহীদ হৈছিল৷ এই গৰাকী শ্বহীদৰ লগতে তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পাঁচ গৰাকী শ্বহীদে আত্মবলিদান দিব লগা হৈছিল৷ তামুলপুৰ আঞ্চলিক আৰু দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই এই শ্বহীদসকলৰ সোঁৱৰণত আঞ্চলিক শ্বহীদ দিৱস উদযাপন কৰি শ্বহীদ সকলক ৰাজহুৱাভাৱে স্মৰণ কৰাৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গক আছুৰ তৰফৰপৰা সম্বৰ্ধনা জনাই আহিছে৷