তামুলপুৰঃ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে ঐতিহাসিক অসম আন্দোলনত অসমীয়া জাতিৰ হ’কে আত্মবলিদান দিয়া তামুলপুৰৰ ছগৰাকী শ্বহীদক দিনযোৰা কাৰ্যসূচীৰে স্মৰণ কৰে৷ পুৱা ন বজাত সন্থাৰ পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰীয়ে৷
৯-৩০ বজাত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল কাদিৰ আৰু তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকাই৷ ৯-৪৫ বজাত অসম ৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰনীয়াই৷