তামুলপুৰ-ধমধমা গৰকাপ্তানী পথ নিৰ্মানৰ দাবীত ৰাইজৰ অৰ্ধ উলংগ প্ৰতিবাদ

Home ৰাজ্যতামুলপুৰ-ধমধমা গৰকাপ্তানী পথ নিৰ্মানৰ দাবীত ৰাইজৰ অৰ্ধ উলংগ প্ৰতিবাদ

তামুলপুৰ-ধমধমা গৰকাপ্তানী পথ নিৰ্মানৰ দাবীত ৰাইজৰ অৰ্ধ উলংগ প্ৰতিবাদ

by News Desk
121 views
A+A-
Reset

newsnextone.com/তামুলপুৰঃ  বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমা সমষ্টিৰ অন্তৰ্গত তামুলপুৰ-ধমধমা গৰকাপ্তানী পথ নিৰ্মানৰ দাবীত আজি  অৰ্ধ উলংগ হৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে তামুলপুৰ-ধমধমা সংযোগী গড়কাপ্তানী পথৰ এটা মুৰৰ ৭০০ মিটাৰ পথ কেইবছৰমান আগতে পাগলদিয়া নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল। ফলত বছৰ বছৰ ধৰি দুয়োটা সমষ্টিৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগি আহিছে৷ বি টি চি কৰ্তৃপক্ষই বিশেষ বাৰ্ষিক পৰিকল্পনাৰ প্ৰায় দুই কোটি টকা ব্যয়  সাপেক্ষে চিঙি যোৱা পথ খিনিৰ নিৰ্মানৰ কাম ২০১৭ চনৰ ১৯ মেত আৰম্ভ কৰে। কিন্তু নিৰ্মানৰ কাম নিম্নমানৰ হোৱা বাবে বাৰিষাৰ বৰষুন তথা নদীৰ পানীয়ে পথটোৰ লগতে নিৰ্মীয়মান কালভাৰ্ট দুটা ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ পথটো নিৰ্মানৰ ক্ষেত্ৰত স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগ আৰু জনপ্ৰতিনিধিৰ ওচৰত অভিযোগ দিছিল যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহন নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ যাৰ বাবে আজি স্থানীয় ৰাইজে অৰ্ধ উলংগ প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ৷ প্ৰতিবাদকাৰী সকলে তামুলপুৰ-ধমধমা পথ নিৰ্মান কৰক, পথ নিৰ্মানত হোৱা দূৰ্নীতিৰ তদন্ত কৰক, দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰক গ্ৰেপ্তাৰ কৰক, গড়কাপ্তানী বিভাগ হায় হায়, বিজেপি চৰকাৰ হায় হায়, আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ স্থানীয় ৰাইজে উক্ত পথ নিৰ্মাণৰ কামত  দুৰ্নীতিত লিপ্ত থকা ঠিকাদাৰ তথা বিষয়া কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে ৰাইজৰ স্বাৰ্থত পথ নিৰ্মান কৰিবলৈ দাবী জনাইছে ৷ প্ৰতিবাদকাৰী সকলে ৰাইজৰ ধন কাকো আত্মসাৎ কৰিবলৈ দিয়া নহব বুলিও হুংকাৰ দিছে ৷ প্ৰয়োজন হলে অধিক জংগী আন্দোলন গঢ়ি তোলা হব বুলিও দৃঢ়তাৰে মন্তব্য কৰিছে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কন কন শিশু সকলেও অংশ গ্ৰহন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0